কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বেহু ফালি এইবাৰ বিধানসভা চৌহদৰ পৰাই চুৰি হ’ল গাড়ী

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বেহু ফালি এইবাৰ বিধানসভা চৌহদৰ পৰাই চুৰি হ’ল গাড়ী

এইবাৰ বিধানসভা চৌহদৰ পৰা চুৰি হ’ল গাড়ী। গাড়ীখন চৰকাৰী বাহন আছিল। লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ আছিল বাহনখন।
AS 01EB 6695 নম্বৰৰ এখন বলেৰ’ বাহন লৈ যায় চোৰে। আৰক্ষী–নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে অসম বিধানসভা চৌহদৰ পৰা বলেৰ’ বাহন চুৰি হোৱা ঘটনাই আৰক্ষীৰ নিৰাপত্তাক লৈ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।

দিছপুৰ আৰক্ষীৰ নাকৰ তলতে সংঘটিত হোৱা এনে চুৰিকাণ্ড ঘটনা আৰক্ষীয়ে গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিয়োগ উঠিছে। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখযোগ্য যে সোমাবাৰে দিছপুৰ উৰণীয়া সেঁতুৰ তলৰ পৰা আন এখন বলেৰ’ বাহন চুৰি হৈছিল।

GTM Desk

Related