Category: Assamese News

নগাঁৱৰ কাছমাৰীত সাতদিনীয়া কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য প্ৰশিক্ষণৰ সামৰণি

নগাঁৱৰ কাছমাৰীত সাতদিনীয়া কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য প্ৰশিক্ষণৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,১২জুলাই:– কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উদ্যোগত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কাছমাৰীৰ পলাশতলত সাতদিনীয়াকৈ আয়োজিত কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য প্ৰশিক্ষণৰ আজি সামৰণি পৰে।এই উপলক্ষে কোচ ৰাজবংশী সন্মিলনীৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰভাত বৰাই কয় যে বৃহত্তৰ অসমীয়া জাতি তথা জাতিটোৰ সাহিত্য,ভাষা-সংস্কৃতি আদিৰ গঠন,বিকাশ আৰু

নগাঁৱৰ বৰজহা নামঘৰৰ কীৰ্ত্তনঘৰৰ নৱনিৰ্মিত মণিকূটত সিংহাসন প্ৰতিষ্ঠা

নগাঁৱৰ বৰজহা নামঘৰৰ কীৰ্ত্তনঘৰৰ নৱনিৰ্মিত মণিকূটত সিংহাসন প্ৰতিষ্ঠা

হৰিনাম-ভাওনাৰে মুখৰিত কলঙৰ পাৰ নিউজ ব্যুৰ’,নগাঁও,১২ জুলাই :–নগাঁও জিলাৰ দক্ষিণপাট অঞ্চলৰ বৰজহাৰ কীৰ্ত্তনঘৰৰ নৱনিৰ্মিত মণিকূটত সিংহাসন প্ৰতিষ্ঠা পৰ্বৰ শুক্ৰবাৰে নিশা সফলতাৰে সামৰণি পৰে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত প্ৰতিষ্ঠা পৰ্বৰ অন্তিমটো দিনৰ কাৰ্যসূচী অনুসৰি শুক্ৰবাৰে পুৱা ধৰ্মীয় শোভাযাত্ৰা, নাম-প্ৰসংগ,ভোগ বিতৰণৰ পাছত নিশালৈ “দ্ৰোণপৰ্ব” ভাওনাখনি পৰিবেশন কৰা হয়। পুৱাৰ ভাগত উলিওৱা বিশাল ধৰ্মীয়

ৰবিবাৰে ধিঙত নগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন,ডাঃ প্ৰয়াগ শইকীয়ালৈ শ্ৰেষ্ঠ সাহিত্য সন্মান

ৰবিবাৰে ধিঙত নগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন,ডাঃ প্ৰয়াগ শইকীয়ালৈ শ্ৰেষ্ঠ সাহিত্য সন্মান

নিউজ ব্যুৰ’,নগাঁও,১১জুলাই:–সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি ধিং আঞ্চলিক কবি সন্মিলনৰ আতিথ্যত অহা ১৪জুলাইত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। ধিং মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আয়োজিত অধিবেশনৰ কাৰ্যসূচী অনুসৰি ১৪ জুলাইত পুৱা ৮বজাত পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব ধিং আঞ্চলিক কবি সন্মিলনৰ সভাপতি কৰৱী শইকীয়া

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পৰিদৰ্শন ধিং সমষ্টিৰ বানক্ৰান্ত অঞ্চল

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পৰিদৰ্শন ধিং সমষ্টিৰ বানক্ৰান্ত অঞ্চল

নিউজ ব্যুৰ’,নগাঁও,১১জুলাই :– শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বৃহস্পতিবাৰে ধিং সমষ্টিৰ জেঙনী,কলাডুবা,জাৰামাৰী,শ্লুইচ গেইট,ডুমডুমীয়া আদি কেইবাটাও বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে। নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত এই চৰ চাপৰি অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি,বানত ক্ষতিগ্ৰস্ত কৃষকক চৰকাৰক ক্ষতিপূৰণ দিয়াৰ দাবী তোলে। ইফালে বিগত ২২ জুনত লাওখোৱা

৩ বছৰত ৬ হাজাৰ বাহন বিক্ৰীৰে অভিলেখ টাটা মটৰ্ছ বিমল কাৰ্ছৰ

৩ বছৰত ৬ হাজাৰ বাহন বিক্ৰীৰে অভিলেখ টাটা মটৰ্ছ বিমল কাৰ্ছৰ

গুৱাহাটী, ১১ জুলাই: বিগত তিনি বছৰত সৰ্বাধিক ৬ হাজাৰ বাহন বিক্ৰীৰে উল্লেখযোগ্য কৃতিত্ব গঢ়িছে টাটা মটৰ্ছ বিমল কাৰ্ছে। বিমল কাৰ্ছে সফলভাৱে সুখী গ্ৰাহকসকললৈ ৬ হাজাৰতকৈ অধিক বাহন প্ৰদান কৰিছে। যাৰবাবে ইয়াক উদযাপন কৰি এই মাহত টাটা মটৰ্ছ বিমল কাৰ্ছে সৰ্বাধিক অফাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। এই অফাৰ অহা ১৫