ক’ভিড নীতি -নিৰ্দেশনা পালন কৰি মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি গোলাঘাটত সদৌ অসম ছাত্র সন্থাই ৰূপায়ণ কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী । গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র সংগঠনটোৱে। চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে নগৰৰ মাজ মজিয়াত এক উত্তপ্ত পৰিবেশৰ
Category: Assamese News
চিৰাঙৰ ৰুণীখাতা থানাৰ অন্তৰ্গত কুমগুৰী গাঁৱত যোৱাকালি নিশা ডাইনী সন্দেহত এগৰাকী ষাঠি বছৰীয়া নিৰীহ মহিলাক ঘপিয়াই নৃশংস হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে ।নিহত মহিলা গৰাকীৰ নাম বালে মাৰ্ডি (৬০) । স্থানীয় ৰাইজৰ সন্দেহ মতে নিজৰ পৰিয়ালৰ লোকেই ডাইনী সন্দেহত হত্যা কৰিছে ।কিন্তু স্থানীয় লোকৰ অভিযোগৰ বিপৰীতে নিহত মহিলা গৰাকীৰ স্বামী
ৰাজ্যৰ ক’ভিড পৰিস্থিতি ধাৰাবাহিকভাৱে উন্নত হোৱাৰ পৰিপ্রেক্ষিতত হ্রাস কৰা হৈছে সান্ধ্য আইনৰ সময়৷ সোমবাৰে প্রকাশ কৰা নতুন এছ অ’ পি অনুসৰি আজিৰ পৰা ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব সান্ধ্য আইন৷ ইয়াৰ লগে লগে ৰাজ্যত দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী–বেচৰকাৰী কার্যালয় আদি খুলি ৰখাৰ সময় পূর্বৰ তুলনাত
অসমৰ ভূমিত আগ্রাসন চলাই শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য মিজোৰামে বৰাক উপত্যকাৰ হাইলাকান্দি আৰু কাছাৰ জিলাত দখল কৰা ভূমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী৷ বিধানসভাত সোমবাৰে এই তথ্য সদৰী কৰিলে সংসদীয় পৰিক্রমা মন্ত্রী পীয়ূষ হাজৰিকাই৷ বিৰোধীয়ে অসমৰ ভূমি চুবুৰীয়া ৰাজ্যই দখল কৰাৰ অভিযোগেৰে সৰৱ হৈ থকাৰ সময়তে গৃহ বিভাগৰ হৈ আজি
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বেটী বচাও অভিযানে দেশৰ প্রতিখন ৰাজ্যত বিশেষ গুৰুত্ব লাভ কৰাৰ সময়তে এনে অভিযানক অস্তিত্বহীন কৰি অসমত বিগত ৫ বছৰত ধর্ষণৰ বলি হৈছে ১৮,৬৯৩গৰাকী শিশু কন্যা–যুৱতী৷ অর্থাৎ বছৰি প্রায় তিনি হাজাৰতকৈ অধিক আৰু প্রায় প্রতিদিনে ১০টাকৈ অধিক ধর্ষণৰ ঘটনা সংঘটিত হৈছে অসমত৷ বিধানসভাত সোমবাৰে এই ভয়ংকৰ তথ্য দাঙি