Category: Assamese News

নৱপ্ৰজন্মৰ কণ্ঠশিল্পী অসীম ৰঞ্জনৰ গীতৰ তালে তালে নাচিলে দক্ষিণ আফ্ৰিকাৰ দুই যুৱকে

নৱপ্ৰজন্মৰ কণ্ঠশিল্পী অসীম ৰঞ্জনৰ গীতৰ তালে তালে নাচিলে দক্ষিণ আফ্ৰিকাৰ দুই যুৱকে

সমগ্ৰ ৰাজ্য মহামাৰী ক’ৰণাৰ গ্ৰাসত পৰাৰ সময়ত সাধাৰণ জনতাৰ সমান্তৰালভাৱে শিল্পীসকলৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। তাৰ মাজতেই যুৱপ্ৰজন্মৰ সংগীত শিল্পী অসীম ৰঞ্জনৰ এটি গানে বেছ চৰ্চা লাভ কৰিছে। পাতি ৰাভাসকলৰ ভাষাত এগৰাকী যুৱতীৰ বৰ্ণনাৰে কবি বিৰিঞ্চি ৰাভাই ৰচনা কৰা গীতটি কণ্ঠদান কৰিছিল উদীয়মান কণ্ঠশিল্পী অসীম ৰঞ্জনে।     View this

সোণৰ বিস্কুট দিয়াৰ প্রলোভনেৰে হাতীগাঁৱৰ এজন সোণাৰিক অপহৰণ; অপহৰণকাৰী গ্রেপ্তাৰ

সোণৰ বিস্কুট দিয়াৰ প্রলোভনেৰে হাতীগাঁৱৰ এজন সোণাৰিক অপহৰণ; অপহৰণকাৰী গ্রেপ্তাৰ

সোণৰ বিস্কুট দিয়াৰ প্রলোভনেৰে মহানগৰীৰ হাতীগাঁৱৰ পৰা এজন সোণাৰিক অপহৰণ কৰা ঘটনাৰ মূল অভিযুক্ত গুলজাৰ হুছেইনক আজি হাতীগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ হাতীগাঁও থানাত ৰুজু হোৱা ৩৪/২১ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে বৃহস্পতিবাৰে তেওঁক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত গুলজাৰ হুছেইনৰ ঘৰ নগাঁও জিলাৰ কচুৱা থানাৰ অন্তর্গত আদৰতলিত বুলি জানিব পৰা গৈছে৷

সোমবাৰে গেৰুৱা হ’ব ৰূপজ্যোতি কুৰ্মী

সোমবাৰে গেৰুৱা হ’ব ৰূপজ্যোতি কুৰ্মী

কংগ্ৰেছী আদৰ্শৰ প্ৰয়াত মাতৃ ৰূপম কুৰ্মীৰ আদৰ্শৰে কংগ্ৰেছী হোৱা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মাতৃৰ আদৰ্শ ত্যাগ কৰি সোমবাৰে যোগ দিব বিজেপিত।শুক্ৰবাৰে অসম বিধানসভাৰ অধ্যক্ষৰ হাতত বিধায়ক পদ ত্যাগ কৰিব বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰিলে মৰিয়নিৰ বিধায়ক গৰাকীয়ে। উল্লেখ্য কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি কুর্মীয়ে পদত্যাগ পত্ৰ দাখিল কৰি কয়- কংগ্ৰেছ

দিগন্ত বৰাক ৰাজ্যৰ গৃহ সচিব নিযুক্তি

দিগন্ত বৰাক ৰাজ্যৰ গৃহ সচিব নিযুক্তি

আইপিএছ দিগন্ত বৰাক ৰাজ্যৰ গৃহ সচিব ৰূপে নিযুক্তি দিয়া হয়। বুধবাৰে নিযুক্তি দিয়া হৈছে প্ৰশাসনিক বিষয়া গৰাকীক। উল্লেখ্য যে বৰ্তমান অসম আৰক্ষীৰ ডিআইজিপিৰ দায়িত্ব আছিল বৰা।

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং কেতিয়া সম্পূৰ্ণ হ’ব? লোকনিৰ্মাণ বিভাগৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং কেতিয়া সম্পূৰ্ণ হ’ব? লোকনিৰ্মাণ বিভাগৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নির্মীয়মান দলঙৰ কামৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ২০২৩ চনৰ মাৰ্চৰ ভিতৰত ব্ৰহ্মপুত্ৰ ওপৰত নির্মীয়মান দলং খন সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে ৩৭ শতাংশ দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি বিভাগে অৱগত কৰে মুখ্যমন্ত্ৰী গৰাকীক। লোকনিৰ্মান বিভাগৰ গুৱাহাটীৰ ফটাশিল আমবাৰীস্থিত মুখ্য অভিযন্তা কাৰ্যালয়ৰ