নগাঁওৰ চামগুৰি আৰক্ষীয়ে আমনিত দহ বাকছত হিৰইন ভৰ্তী ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। দুখন বাইক সহ দুটা সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় চামগুৰি আৰক্ষী। প্ৰায় পাঁচ লাখ টকাৰ ড্ৰাগছ উদ্ধাৰ কৰে চামগুৰি আৰক্ষীয়ে। কাৰ্বিআংলৰ দিশৰ পৰা চামগুৰিৰ গেৰুৱা পেনাইলৈ সৰবৰাহ কৰিছিল ড্ৰাগছ খিনি। সৰবৰাহ কাৰী দুজন ক্ৰমে ৰফিকুল ইছলাম আৰু
Category: Assamese News
অত্যন্ত পাশবিকতাৰে পাঁচ মহীয়া কন্যা সন্তানক যৌন নিৰ্যাতন কৰা অভিযুক্ত ফুকন বড়োক দোষী ঘোষণা কৰিলে নগাঁও আদালতে। এই জঘণ্য অপৰাধৰ বাবে ৬০ বছৰীয়া ফুকন বড়োক আজি যাৱজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। উল্লেখ্য যে, ফুকন বড়োৱে চুবুৰীয়াৰ পাঁচ মহীয়া কন্যা সন্তানটিক যৌন নিৰ্যাতন চলাইছিল যোৱা মে’ মাহত। কচুৱা আৰক্ষী থানাত ৰুজু
প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত ধনতেৰচৰ উৎসৱ উদযাপন কৰা হয়। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে পূজা অৰ্চনা কৰা হয়, আৰু ধন-সোণ আনি ঘৰত স্থাপন কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ভগৱান ধনৱন্তৰীৰ অৱতাৰ গ্ৰহণ কৰিছিল৷ ধনৱন্তৰীক ভগৱান বিষ্ণুৰ
সংবাদমেলত আপৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ ঘোষণা গুৱাহাটী, ২৪ অক্টোবৰ – উপ নিৰ্বাচনত ৰাজ্যৰ দুটাকৈ বিধান সভা সমষ্টিত আম আদমী পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৭৭ নং বিহালী বিধান সভা সমষ্টিত অনন্ত গগৈ আৰু ৮৮ নং চামগুৰি বিধান সভা সমষ্টিত নুৰুল আমিন চৌধুৰীক প্ৰাৰ্থিত্ব
নিউজ ব্যুৰ’,নগাঁও,২৩ অক্টোবৰ :– ১৯৪৪ চনতেই স্থাপন হোৱা নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শবিদ্যালয়খন অঞ্চলটোৰ বাবেই গৌৰৱৰ স্থল। বিদ্যালয়খনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আয়োজনৰ পূৰ্ণ প্ৰস্তুতি চলিছে। প্ৰজন্মৰ পিছত প্ৰজন্মই শৈক্ষিক দিশত উত্তৰণ ঘটাই সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগাই আহিছে। ৮০বছৰ গৰকা এই বিদ্যালয়খনে দক্ষ উপায়ুক্ত,চিকিৎসক, অভিযন্তা,বুদ্ধিজীৱি,সফল ব্যৱসায়ী, ৰাজনীতিবিদকে