Category: Top News

পঞ্চায়ত নিৰ্বাচনত পাৰ্টিৰ পৰিৱৰ্তে প্ৰাৰ্থী চাই ভোট দিয়াৰ আহ্বান আছুৰ সভাপতি-সম্পাদকৰ ।

পঞ্চায়ত নিৰ্বাচনত পাৰ্টিৰ পৰিৱৰ্তে প্ৰাৰ্থী চাই ভোট দিয়াৰ আহ্বান আছুৰ সভাপতি-সম্পাদকৰ ।

  আগন্তুক পঞ্চায়ত নিৰ্বাচনত পাৰ্টিৰ পৰিৱৰ্তে প্ৰাৰ্থী চাই জনসাধাৰণক ভোট দিয়াৰ আহ্বান জনালে আছুৰ সভাপতি দীপাঙ্ক কুমাৰ নাথ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ নগাঁৱৰ পাঠৰিত অনুষ্ঠিত হোৱা নগাঁও জিলা ছাত্ৰ সন্থাৰ ২৩ তম আন্তঃপাঠৰি অধিবেশনৰ মুকলি সভাত অংশগ্ৰহন কৰি এই আহ্বান জনালে ছাত্ৰ নেতা দুগৰাকীয়ে । ভাষণ প্ৰসংগত আছুৰ সভাপতি-সম্পাদক দুগৰাকীয়ে

Congress Office burnt in Samaguri, Nagaon.

Congress Office burnt in Samaguri, Nagaon.

চামগুৰিত আৰম্ভ হৈছে নিৰ্বাচনী হিংসা। নিশা চামগুৰিৰ কনুৱামাৰি পঞ্চায়তৰ পাচ টাকৈ কংগ্ৰেছী কাৰ্যালয়ত অগ্নিসংযোগ কৰিলে অচিনাক্ত দুৰ্বৃত্তই।পোন্ধৰ বছৰীয়া কংগ্ৰেছী কাৰ্যকালতে আৰম্ভ হৈছিল এই কুসংস্কৃতি।কংগ্ৰেছৰ শাসন গল কিন্তু এতিয়া এই কু সংস্কৃতিৰ ফল ভোগ কৰিছে কংগ্ৰেছেই।ৰকিবুলৰ দুৰ্গ হিচাপে খ্যাত কনুৱামাৰি পঞ্চায়তত বিৰোধী এনে আক্ৰমণাত্মক কাৰ্যই আতংকিত কৰি তুলিছে কংগ্ৰেছী সমৰ্থক সকলক।যিহেতু

আজি লাচিত দিৱস

আজি লাচিত দিৱস

আজি লাচিত দিৱস। ১৬২২ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল জাতীয় বীৰ লাচিত বৰফুকনে।পিতৃ শুকুটী ওৰফে মোমাই তামুলী বৰবৰুৱা আৰু মাতৃ নাগেশ্বৰী আইদেউৰ সপ্তম পুত্ৰ আছিল লাচিত বৰফুকন। যিখন শৰাইঘাটৰ ৰণত জয়লাভ কৰি লাচিত বৰফুকনে অসমীয়া জাতিৰ বীৰত্বৰ কথা বিশ্বৰ ইতিহাসত লিপিবদ্ধ কৰাৰ লগতে নিজেও কাললৈ খ্যাতি ৰাখি থৈ গ’ল,

নগাঁৱত ৰেলৰ আলিত নিহত এগৰাকী মহিলা।

নগাঁৱত ৰেলৰ আলিত নিহত এগৰাকী মহিলা।

নগাঁও চহৰৰ হয়বৰগাঁও ৰেল ষ্টেচনৰ সমীপতে আজি দুপৰীয়া প্ৰায় ১.৩০ বজাত ৰেল আলিত এগৰাকী মহিলাৰ মৃতদেহ ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে। নিহত মহিলা গৰাকীক বাতৰি যুগুটুৱা সময়লৈকে চিনাক্ত কৰিব পৰা নাই আৰু মহিলা গৰাকীয়ে আত্মহত্যা কৰিছেনে দুৰ্ঘটনাবশত: ৰেলে কাটিছে ই ৰেল আৰক্ষীৰ তদন্তত প্ৰকাশ পাব। সম্প্ৰতি ৰেল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে