অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধি কৰিলে ULFA(I)এ

1 min read

 ৰাজ্যৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা) এ ম্যাদ বৃদ্ধি কৰিছে অস্ত্ৰ বিৰতিৰ ৷ শেহতীয়াকৈ ৰাজ্যৰ বহুকেইটা উগ্ৰপন্থী সংগঠনে আত্মসমৰ্পণ কৰিছে ৰাজ্য চৰকাৰৰ ওচৰত ৷ সম্প্ৰতি ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰৰ তৎপৰতাত অধিকাংশ আত্মসমৰ্পণকাৰী দলে শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷

এনেবোৰৰ মাজতে দেওবাৰে সংগঠনটোৱে অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধিৰ কথা ঘোষণা কৰে ৷ সংগঠনটোৱে প্ৰকাশ কৰা বিবৃতি অনুসৰি, ” সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে যোৱা 14 মে’ 2021 তাৰিখৰ পৰা বাহাল ৰখা একপক্ষ অস্ত্ৰ বিৰতিৰ ম্যাদ অসমৰ জনসাধাৰণৰ খাতিৰত আজিৰ পৰা বলবৎ হোৱাকৈ পুনৰ আগন্তুক তিনি মাহলৈ বৃদ্ধি কৰা হৈছে ৷ উক্ত সময়চোৱাত “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে সকলো ধৰণৰ সামৰিক কাৰ্যকলাপৰ পৰা বিৰত থাকিব ৷

You May Also Like

More From Author