fbpx
October 10, 2020

১০০ শতাংশ যাত্রী লৈ মহানগৰীত চলিল চিটীবাছ

Passengers wearing protective masks and travelling ASTC BUS at Guwahati city on 09-10-2020.pix by UB PHOTOS

 সদৌ অসম মটৰ পৰিবহণ সন্থাই দুগুণ ভাৰা বৃদ্ধিকে ধৰি বিভিন্ন দাবীৰ সমর্থনত যোৱা ৫ অক্টোবৰৰ পৰা ঘোষণা কৰা চকাবন্ধ কার্যসূচীব প্রত্যাহাৰ কৰাত আজি স্বাভাৱিকভাৱে মহানগৰীৰ ৰাজপথত চলাচল কৰিলে ব্যক্তিগত খণ্ডৰ চিটীবাছ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে জাৰি কৰা নীতি–নির্দেশনা মানি ১০০ শতাংশ যাত্রী কঢ়িয়াই চিটীবাছসমূহ চলাচল কৰা পৰিলক্ষিত হ’ল৷ বিগত চাৰিদিন ধৰি চকাবন্ধৰ ফলত মহানগৰীত ব্যক্তিগত খণ্ডৰ চিটীবাছৰ চলাচল বন্ধ হৈ থকাত মহানগৰবাসীয়ে যাতায়াতৰ ক্ষেত্রত বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ আজি পুৱাৰে পৰা মহানগৰীৰ বিভিন্ন পথত চলাচল কৰা চিটীবাছসমূহৰ ক’ভিড প্রটকল অনুসৰি যাত্রী, ড্রাইভাৰ, হেণ্ডিমেনসকলে মাস্ক পৰিধান কৰাৰ লগতে বাহনত পর্যাপ্ত ছেনিটাইজাৰ মজুত ৰখাৰ উপৰিও প্রতিটো ক্ষেপৰ অন্তত চিটীবাছসমূহ ছেনিটাইজ কৰাৰ নির্দেশনা জাৰি কৰিছিল৷ চিটীবাছসমূহত ১০০ শতাংশ যাত্রী লৈ চলাচল কৰিলে যদিও প্রতিটো ক্ষেপৰ অন্তত চিটীবাছসমূহ ছেনিটাইজ নকৰা বুলি অভিযোগ উত্থাপন হৈছে৷ ক’ভিড–১৯ৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি বাছ চলাচলৰ ক্ষেত্রত জাৰি কৰা নির্দেশনা উলংঘা কৰা চিটীবাছৰ বিৰুদ্ধে পৰিবহণ বিভাগে কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷

error: Content is protected !!