আছু নহয়, অসমৰ জনগণে জন্ম দিছে অগপকঃ অতুল বৰা

0 min read

নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিৰোধী পক্ষৰ বিৰুদ্ধে অধিক আক্রমণাত্মক হৈ পৰিছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা৷ শুকুৰবাৰে জনপ্রিয় গায়িকা কল্পনা পাটোৱাৰীৰ যোগদান অনুষ্ঠানত সদৌ অসম ছাত্র সন্থাকো কঠোৰ সমালোচনা কৰে অগপ সভাপতিগৰাকীয়ে৷ তেওঁ কয়– ‘অসমৰ মাটিত অসম গণ পৰিষদ আঞ্চলিকতাবাদৰ এটা স্তম্ভ৷ ইয়াক উভালি পেলাবৰ বাবে বিভিন্ন শক্তিয়ে চেষ্টা চলাই আহিছে৷ আছুৰ মজিয়াত থকাৰ পৰা এয়া দেখি আহিছোঁ৷ অগপৰ ভিতৰত থাকিও দেখিছোঁ৷ কিন্তু অসম গণ পৰিষদ শক্তিশালী হোৱা মানেই আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানেই অসম শক্তিশালী হোৱা৷ যেতিয়ালৈকে দলৰ প্রতিজন কর্মকর্তাই নিষ্ঠাৱান সৈনিকৰ দৰে কাম কৰি যাব, তেতিয়ালৈকে অগপক কোনেও দুর্বল কৰিব নোৱাৰিব৷ আমি দলক সেৱাৰ মাধ্যম হৈ হিচাপে লৈছোঁ আৰু যি কৰিছোঁ ৰাজ্যখনৰ ভালৰ বাবে কৰিছোঁ৷ আমাক বহুতেই সমালোচনা কৰে আৰু গঠনমূলক সমালোচনাক আন্তৰিকতাৰে গ্রহণ কৰোঁ৷ কিন্তু কিছুমান মানুহে ইচ্ছাকৃতভাৱে দলৰ বেয়া কৰিবলৈ সমালোচনা কৰে৷ এইসকল সমালোচকে কোনো কালে আঞ্চলিকতাবাদত বিশ্বাস কৰা নাই৷ তেওঁলোকৰ সেৱাৰ মনোবৃত্তি নাই৷ মই এইবিলাক লোকৰ সমালোচনা নুশুনো, নাচাওঁ৷ মতলব লৈ যিসকলে সমালোচনা কৰে, তেওঁলোকক আমি কোনো কাৰণতে গুৰুত্ব নিদিওঁ৷ তাৰ সলনি সাধাৰণ শ্রমিকৰ কথা মনোযোগেৰে শুনো৷ ষ্টুডি’ত বহাসকলৰ কথা এতিয়া সাধাৰণ মানুহেও বুজি পোৱা হ’ল যে আচলতে তেওঁলোকৰ মতলব কি? কেতিয়াবা আমিও তাৰ ব্যাখ্যা কৰিম৷’ নিজৰ ভাষণত অগপৰ সভাপতিগৰাকীয়ে লগতে কয়– ‘আছু আমাৰ মাতৃ সংগঠন৷ মাতৃ সংগঠন মানে আছুৱে অসম গণ পৰিষদক জন্ম দিয়া নাই৷ অসমৰ জনসাধাৰণে অগপক জন্ম দিছে৷ আছুৰ মই সভাপতি আছিলোঁ৷ আছুৰ মজিয়াখন ভাল হৈ থকাটো বিচাৰোঁ বাবেই কেতিয়াবা দুই–এটা কথা কওঁ৷ ইয়াত আমাৰ কোনো মতলব নাই৷ যিসকলে এইবিলাক কথা শুনিবলৈ বেয়া পায়, ডাঙৰ ডাঙৰ কথা ক’বলৈ ভাল পায়, তেওঁলোকৰ যে মতলব আছে, অসমৰ ৰাইজে সেই কথা অতি সোনকালে বুজি পাব৷’

অগপই পূর্বৰ ভুলৰ সংশোধন কৰি আত্মশুদ্ধিৰ বাটেৰে আগবাঢ়িছে বুলি মন্তব্য কৰি তেওঁ পুনৰ কয়– ‘পূর্বতে আমাৰ ভুল হৈছিল৷ সেই বাবেই ৰাইজে আমাক দূৰলৈ ঠেলি পঠিয়াইছিল৷ এতিয়া আমি আত্মশুদ্ধিৰ পথ লৈছোঁ৷ ৰাইজে বিচৰা ধৰণে সততা, নিষ্ঠাৰে কাম কৰি যাব বিচাৰিছোঁ৷ আমি বিচাৰিছোঁ আমাৰ দৃষ্টিভংগী বাস্তৱসন্মত হওক৷ কোন বাটেৰে গ’লে সমস্যাৰ সমাধান পাম, সেই বাটেৰে আগবাঢ়িব বিচাৰিছোঁ৷’ অতুল বৰাই অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ, অসমীয়া ভাষাৰ সুৰক্ষা আৰু ভূমি পট্টা প্রদানৰ বাবে চৰকাৰে লোৱা পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে৷ জনপ্রিয় গায়িকা কল্পনা পাটোৱাৰীৰ যোগদানত অগপই ১০০ সিংহৰ বল পাইছে বুলি মন্তব্য কৰি অগপৰ সভাপতিগৰাকীয়ে তেওঁক সাংস্কৃতিক কোষৰ মুৰব্বীৰ দায়িত্ব দিয়া হ’ব বুলিও ঘোষণা কৰে৷ আজিৰ সভাত অতুল বৰাই ‘এশ সিংহৰ মৃত্যুৰ অন্তত জনম ইয়াতে মোৰ’ শীর্ষক এটা স্বৰচিত কবিতাও আবৃত্তি কৰে৷ ইফালে, বিজেপি এৰি অগপত যোগদান কৰা জনপ্রিয় গায়িকা কল্পনা পাটোৱাৰীয়ে কয় যে সমাজ, সংস্কৃতি আৰু ৰাজনীতি কোনো পৃথক বিষয় নহয়৷ ইটো–সিটোৰ লগত জড়িত৷ গতিকে ‘পলিটিক্স নকৰিবা বন্ধু’ বুলি কোৱাটো সঠিক নহয়৷ সাংবাদিকৰে হোৱা বার্তালাপত কল্পনা পাটোৱাৰীয়ে নিজৰ জন্মভূমি সৰভোগৰ পৰা নির্বাচন খেলাৰ ইচ্ছা ব্যক্ত কৰে যদিও এইক্ষেত্রত দুয়োটা মিত্রদলেহে চূড়ান্ত সিদ্ধান্ত ল’ব বুলি কয়৷ আজিৰ অনুষ্ঠানত অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্ত, মন্ত্রী ফণীভূষণ চৌধুৰীকে ধৰি জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে৷

You May Also Like

More From Author