টীয়কত ২৩৬ খন মুখ্যমন্ত্ৰীৰ সাহাৰ্য চেক বিতৰণ l

টীয়কত ২৩৬ খন মুখ্যমন্ত্ৰীৰ সাহাৰ্য চেক বিতৰণ l

টীয়কৰ প্ৰতিবেদক ৫ এপ্রিল/২৩

টীয়ক সমষ্টিৰ অন্তৰ্গত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ চেক বিতৰণ অনুষ্ঠানটি কালি টীয়ক নগৰৰ মাজমজিয়াৰ মা বিবাহ ভৱনত অনুষ্ঠিত হয়।টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াৰ নেতৃত্বত আয়োজিত এই সভাত বিজেপিৰ চিপাহীখোলা মণ্ডলৰ সভাপতি ৰাতুল বৰঠাকুৰ,কলিয়াপানী মণ্ডল বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাতুল বৰা,অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য পৰেশ বৰা,জিলা অগপৰ সম্পাদক দ্বীপেন বৰগোঁহাই,বলমা পঞ্চায়তৰ সভাপতি প্ৰদীপ বৰুৱা,কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পূণ্য কোচ, টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ, উপ পৌৰপতি মাধৱী হাজৰিকা,ৱাৰ্ড আয়ুক্ত ৰাজশ্ৰী দাস,পল্লবী শইকীয়া বৰা,কলিয়াপানী মণ্ডল বিজেপিৰ উপসভিপতি অভিজিত বৰুৱা,চিপাহীখোলা বিজেপিৰ উপসভাপতি হৰেকৃষ্ণ দত্তকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।উল্লেখযোগ্য যে এই চেক বিতৰণ অনুষ্ঠানত প্ৰায় ২৩৬ গৰাকী হিতাধিকাৰীক ১০,০০০ টকাকৈ চেক বিতৰণ কৰা হয়।ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে দৰিদ্ৰ পৰিয়ালসমূহৰ চিকিৎসাৰ বাবে সমগ্ৰ অসমতে এই সাহাৰ্য প্ৰদানৰ যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অতি আদৰণীয় বুলি সদৰি কৰি এই চেগতে হিতাধিকাৰীসকলৰ লগতে দলীয় কৰ্মকৰ্তাসকলে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে দক্ষ মুখ্যমন্ত্ৰীগৰাকীক।

GTM Desk