পাহাৰীয়া জিলাত বৈধ হ’ব কয়লা খনন

1 min read

পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ কয়লা আৰু খনিজাত সামগ্ৰীক লৈ এতিয়াৰ পৰা ৰাজ্য চৰকাৰ আৰু দুই পাৰ্বত্য জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ মাজত থকা হেঙাৰ আঁতৰ হ’ল ৷ জিলাখনৰ ভূগৰ্ভত থকা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কয়লা আৰু খনিজাত সামগ্ৰীকলৈ সোমবাৰে ডিফুৰ বৃক্ষ আৰু শিল্প কেন্দ্ৰত ৰাজ্য চৰকাৰৰ পাৰ্বত্য উন্নয়ণ তথা খনি আৰু খনিজাত সমগ্ৰী মন্ত্ৰী যোগেন মহন’ৰ সৈতে দুই পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় ৷

এই সভাতে এখন খচৰা প্ৰস্তুত কৰা হৈছিল আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি ডিফুত এই খচৰা সন্দৰ্ভত দুয়োখন পৰিষদৰ সৈতে আলোচনাত মিলিত হোৱা বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ জিলা দুখনৰ কয়লাৰ ক্ষেত্ৰত এতিয়াৰে পৰা দুয়োখন পৰিষদৰ ৰাজ্য চৰকাৰৰ সৈতে ৭০-৩০ শতাংশ কৰ্তৃত্ব থাকিব ৷

ইয়াৰে পৰিষদে ৭০ আৰু ৰাজ্য চৰকাৰৰ ৩০ শতাংশ ৰাজহ লাভ কৰিব ৷ খনন আৰু পৰিবহণৰ অনুমতিৰ বাবে পৰিষদ দুখনৰ এনঅ’চি বাধ্যতামূলক হ’ব ৷ খননৰ ক্ষেত্ৰত পৰিষদৰ নীতি উলংঘা কৰিলে সেই প্ৰতিষ্ঠানখনৰ অনুমোদন বাতিল কৰা হ’ব ৷ সোমবাৰৰ বৈঠকত খচৰাখনক লৈ হোৱা বিতং আলোচনাৰ অন্তত বহুকেইটা সংশোধনী অনা হৈছে ৷

এই খচৰাই মুখ্যমন্ত্ৰীৰ অনুমোদন লাভ কৰাৰ পিছত তিনিদিনৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰি ৰাজহুৱা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷ আনহাতে, বৈঠকত উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে কয় যে, দুয়োখন পাৰ্বত্য জিলাৰ খনিজাত সামগ্ৰী আহৰণৰ বাবে আজিৰ আলোচনা অনুষ্ঠিত হৈছিল ৷ পূৰ্বে এই ক্ষমতা পৰিষদৰ হাতত নাছিল ৷

সোমবাৰে এই সামগ্ৰী সমূহৰ ক্ষমতা আৰু অধিকাৰ পৰিষদে লাভ কৰিলে ৷ সোমবাৰৰ বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে, অসম বিধান সভাৰ উপাধক্ষ্য ডাঃ নোমল মমিন, বিধায়ক বিদ্যাচিং ইংলেং, দৰছিং ৰংহাঙ, খনি আৰু খনিজাত সামগ্ৰী উচ্চ পদস্থ বিষয়া, দুয়োখন পৰিষদৰ প্ৰধান সচিবদ্বয় উপস্থিত থাকে ৷

You May Also Like

More From Author