26.2 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

অনিশ্চয়তাত ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণঃ ৩ বছৰে দিছপুৰে কেন্দ্রক নিদিলে প্রতিবেদন

Assamese Newsঅনিশ্চয়তাত ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণঃ ৩ বছৰে দিছপুৰে কেন্দ্রক নিদিলে প্রতিবেদন

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ বর্তমানেও অব্যাহত আছে অনিশ্চয়তা৷ বিগত সময়ছোৱাত ৬ জনগোষ্ঠী ক্রমে মৰাণ, মটক, তাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহে জনজাতিকৰণৰ দাবীৰ সপক্ষে আন্দোলন অব্যাহত ৰাখিছে যদিও এইক্ষেত্রত কার্যতঃ কেন্দ্র–ৰাজ্য চৰকাৰৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই৷ এই কথা কার্যতঃ সোমবাৰে স্পষ্ট হ’ল লোকসভাৰ মজিয়াত৷

লোকসভাত কংগ্রেছ সাংসদ প্রদ্যুৎ বৰদলৈ আৰু এছ জোথিমনিয়ে উত্থাপন কৰা এক প্রশ্ণৰ বিপৰীতে কেন্দ্রীয় জনজাতি পৰিক্রমা দপ্তৰৰ ৰাজ্যমন্ত্রী বিশ্বেশ্বৰ টুডুৱে সদৰী কৰা অনুসৰি অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে ৰাজ্য চৰকাৰে প্রেৰণ কৰা প্রস্তাৱৰ ভিত্তিত মহাপঞ্জীয়ক আৰু অনুসূচিত জনজাতিৰ ৰাষ্ট্রীয় আয়োগে বিষয়টো বিবেচনা কৰাৰ লগতে আর্হি অনুসৰি ব্যৱস্থা গ্রহণ কৰিছিল৷ বহুচর্চিত বিষয়টো সন্দর্ভত কেন্দ্রীয় জনজাতি পৰিক্রমা দপ্তৰৰ ৰাজ্যিক মন্ত্রীজনে ইয়াতকৈ অধিক মন্তব্য কৰা নাই যদিও অসম চৰকাৰে গঠন কৰা মন্ত্রীগোট (গ্রুপ অৱ মিনিষ্টার্ছ) কমিটীয়ে এতিয়াও কেন্দ্রীয় চৰকাৰক কোনো ধৰণৰ চুপাৰিছ বা প্রতিবেদন দাখিল নকৰা বিষয়টো স্পষ্ট হৈ পৰিছে৷ অর্থাৎ কেন্দ্রীয় জনজাতি পৰিক্রমা দপ্তৰৰ ৰাজ্যিক মন্ত্রীজনৰ এই তথ্যত পুনৰবাৰ আশাহত হ’বলগীয়া হ’ল ৰাজ্যৰ ৬ জনগোষ্ঠী৷

তদুপৰি ১৯৯৯ আৰু পৰৱর্তী ২০০২ চনত সংশোধিত জনজাতিকৰণৰ আর্হি অনুসৰি ৬ জনগোষ্ঠীয়ে জনজাতিৰ মর্যাদা লাভ নকৰাৰ কথাও একপ্রকাৰ স্পষ্ট হৈ পৰিছে৷ সংসদৰ মজিয়াত কেন্দ্রীয় মন্ত্রীজনে দিয়া ইংগিত অনুসৰি ২০১৯ চনৰ ১৪ জানুৱাৰীত অসম চৰকাৰে গঠন কৰা মন্ত্রীগোটৰ কমিটী তথা দিছপুৰৰ তৰফৰ পৰা বিগত তিনি বছৰ ধৰি মৰাণ, মটক, তাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত কেন্দ্রীয় চৰকাৰৰ হাতত কোনো ধৰণৰ প্রতিবেদন দাখিল নকৰিলে৷

মন কৰিবলগীয়া যে ইয়াৰ পূর্বে চলিত বর্ষৰ ১৯ জুলাইত সংসদৰ বর্ষাকালীন অধিৱেশনৰ সময়ত সাংসদ আব্দুল খালেকে উত্থাপন কৰা এক প্রশ্ণৰ উত্তৰত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ ৰাজ্যৰ মন্ত্রীগোটৰ কমিটীয়ে এতিলৈকে কোনো প্রতিবেদন দাখিল নকৰা বাবেই কেন্দ্রীয় চৰকাৰে কোনো ধৰণৰ সিদ্ধান্তত উপনীত হ’ব পৰা নাই বুলি পোনপটীয়াকৈ উত্তৰ দিছিল একেজন মন্ত্রীয়ে৷ সেই দিনা কেন্দ্রীয় মন্ত্রীজনে লগতে এই কথাও স্পষ্ট কৰি দিছিল যে ৰাজ্য চৰকাৰৰ পাঁচজনীয়া মন্ত্রীগোটৰ কমিটীয়ে বিগত সময়ছোৱাত ১১বাৰকৈ বৈঠকত মিলিত হৈছিল৷ পিছে ৰাজ্য চৰকাৰৰ মন্ত্রীগোটৰ কমিটীয়ে কেন্দ্রীয় চৰকাৰক কোনো ধৰণৰ পৰামর্শ বা সমাধানসূত্র দিব পৰা নাই৷

কেন্দ্রীয় জনজাতি পৰিক্রমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী বিশ্বেশ্বৰ টুডুৱে যোৱা ১৯ জুলাইত প্রদান কৰা বিবৃতিত ৰাজ্য চৰকাৰৰ মন্ত্রীগোটৰ কমিটীয়ে মিলিত হোৱা উক্ত ১১খন বৈঠকৰ কার্যবিৱৰণী (মাইনুট্ছ)ৰ সাৰাংশও সংসদৰ মজিয়াত দাঙি ধৰিছিল৷ লক্ষণীয়ভাৱে কেন্দ্রীয় মন্ত্রীজনৰ বিবৃতি অনুসৰি আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো হ’ল– ২০১৯ চনৰ ২৬ ফেব্রুৱাৰীৰ পাছত ৰাজ্য চৰকাৰৰ মন্ত্রীগোটে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ কোনো ধৰণৰ বৈঠকেই অনুষ্ঠিত কৰা নাই৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!