27.6 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

প্রাক্তন প্রেয়সী কেটৰিনাক ছলমানে দিলে তিনি কোটিটকীয়া ৰেঞ্জ ৰ’ভাৰ; ৰণবীৰ কাপুৰে ২ কোটিৰ হীৰাৰ নেকলেচ

Assamese Newsপ্রাক্তন প্রেয়সী কেটৰিনাক ছলমানে দিলে তিনি কোটিটকীয়া ৰেঞ্জ ৰ’ভাৰ; ৰণবীৰ কাপুৰে ২ কোটিৰ হীৰাৰ নেকলেচ

অভিনেত্রী কেটৰিনা কাঈফ আৰু ভিকি কৌশলৰ ৰাজকীয় বিয়াক লৈ বিগত কেইদিনমান ধৰি দেশৰ সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত ব্যাপক চর্চা চলিছে৷ শেহতীয়াকৈ এই অভিনেতা দম্পতীক কোনে কিমান মূল্যৱান উপহাৰ দিলে তাক লৈ আৰম্ভ হৈছে চর্চা৷ বলীউডৰ জনপ্রিয় অভিনেতা–অভিনেত্রীসক পৰা নৱদম্পতীয়ে লাভ কৰিছে বহু মূল্যৱান উপহাৰ৷

লক্ষণীয়ভাৱে কেটৰিনা আৰু ভিকিৰ বিয়ালৈ অভিনেতা ছলমান খান নিমন্ত্রিত হোৱা নাছিল বুলি প্রথম অৱস্থাত সংবাদ মাধ্যমত বু বু–বা বা চলিছিল যদিও এই নৱবিবাহিত দম্পতীক তিনি কোটি টকা মূল্যৰ ৰেঞ্জ ৰ’ভাৰ উপহাৰ দি সংবাদ শিৰোনামলৈ আহিছে অভিনেতাগৰাকী৷ সেইদৰে প্রাক্তন প্রেয়সী কেটৰিনাৰ বিয়াত অভিনেত্রীগৰাকীলৈ ৰণবীৰ কাপুৰে উপহাৰ হিচাপে আগবঢ়ায় ২ কোটি ৭০ লাখ টকা মূল্যৰ এডাল হীৰাৰ নেকলেচ৷ অভিনেত্রী আলিয়া ভাটে কেইবালাখ টকা মূল্যৰ পাৰফিউম বাস্কেট এটা উপহাৰ হিচাপে আগবঢ়ায় কেটৰিনা আৰু ভিকিক৷ সেইদৰে অভিনেত্রী অনুষ্কা শর্মাই আগবঢ়ায় ৬ লাখ ৪০ লাখ টকা মূল্যৰ হীৰাৰ ইয়াৰিং৷ অভিনেতা শ্বাহৰুখ খানে নৱদম্পতীক বিয়াত উপহাৰ হিচাপে দিয়ে ডেৰ লাখ টকা মূল্যৰ এখন পেইণ্টিং৷ স্মর্তব্য যে ঋত্বিক ৰোশন, তাপসী পান্নু আদিয়েও নৱদম্পতীলৈ বিলাসী সামগ্রী উপহাৰ হিচাপে আগবঢ়ায়৷ ইফালে, বিয়াত ভিকি কৌশলে কইনা কেটৰিনালৈ এক কোটি তিনি লাখ টকাৰ হীৰাৰ আঙঠি আগবঢ়োৱাৰ বিপৰীতে কেটৰিনাই স্বামীক মুম্বাইৰ বিলাসী স্থানত ১৫ কোটিটকীয়া এক এপার্টমেণ্ট উপহাৰ হিচাপে দিয়ে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!