21.1 C
Assam
Wednesday, February 8, 2023

Featured News

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে...

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ...

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব...

বহুদিনৰ পৰা কাহ হৈ থাকিলে নাখাব লগা বস্তুবোৰ

Assamese Newsবহুদিনৰ পৰা কাহ হৈ থাকিলে নাখাব লগা বস্তুবোৰ

বহুদিনৰ পৰা কাহ হৈ থাকিলে নাখাব লগা বস্তুবোৰ

 

যেতিয়া বতৰৰ উষ্ণতাৰ তাৰতম্য হয়, তেতিয়া মানুহৰ ৰোগৰ আশংকা বেছি হয়,  যেনে ডিঙিৰ বিষ, চৰ্দি, কাহ ইত্যাদি। পৰিৱৰ্তনশীল ঋতুত সংক্ৰমণৰ আশংকা যথেষ্ট বৃদ্ধি হয়৷ কাহ হ’লে সাধাৰণতে মানুহৰ এসপ্তাহৰ ভিতৰত ভাল হয়, কিন্তু যদি কাৰোবাৰ কেইবা সপ্তাহধৰি কাহৰ সমস্যা থাকে, তেন্তে সতৰ্ক হোৱা উচিত। কাহ হোৱাৰ মুখ্য কাৰণ হৈছে সংক্ৰমণ, এনে পৰিস্থিতিত যদি ঔষধ খায় অন্য খাদ্য বস্তুৰ যত্ন নলয় তেতিয়া ডিঙিত কফ জমা হৈ সমস্যা বৃদ্ধি কৰে।

~ দৈ

দৈ হৈছে এক অতি স্বাস্থ্যকৰ খাদ্য, ইয়াক খালে হজম শক্তি উন্নত হয়, আৰু কোষ্ঠকাঠিন্য বা গেছৰ কোনো সমস্যা নহয়। কিন্তু কাহ হ’লে ইয়াক খোৱাৰ ফলত কফ বৃদ্ধি হ’ব পাৰে কিয়নো দৈ হ’ল ঠাণ্ডা।

~ আইনক্ৰীম

আইচক্ৰীম খাবলৈ সকলোৱে ভাল পায়, কিন্তু কাহ হ’লে সেইটো খাব  নালাগে, নহ’লে দীৰ্ঘদিন ধৰি কাঁহৰ পৰা সকাহ পোৱা নাযায়।

~ ঠাণ্ডা পানীয়

ঠাণ্ডা পানীয় খোৱাটো বৰ্তমান চহৰৰ পৰা গাঁৱলৈ এক অভ্যাসত পৰিণত হৈছে, কিন্তু যেতিয়া কাৰোবাৰ কাঁহ দীঘলীয়া সময়ৰ বাবে ভাল নহয়, আৰু তথাপিও এনে পানীয় খাই আছে, তেন্তে তেওঁ নিজৰ দেহটোৰে ক্ষতি কৰি আছে।

~ ডিপ ফ্ৰাইড ফুডচ

বেছিকৈ তেলত ভজা খাদ্যই আৰু বেছি কাহৰ সমস্যা বৃদ্ধি কৰে। মাখন, অমেগা-৬ ফেটি এচিডে শৰীৰক অধিক শ্লেষ্মা প্ৰস্তুত কৰিবলৈ বাধ্য কৰে। সেয়েহে, এনে খাদ্য খাব লাগে যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!