27.6 C
Assam
Wednesday, June 7, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

হোজাইৰ শংকৰদেৱনগৰত মুখ্যমন্ত্ৰীৰ নিচাজাতীয় সামগ্ৰী দহন

Assamese Newsহোজাইৰ শংকৰদেৱনগৰত মুখ্যমন্ত্ৰীৰ নিচাজাতীয় সামগ্ৰী দহন

হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শাসনভাৰ হাতত লোৱাৰে পিছত তেওঁৰ নিৰ্দেশত আৰক্ষী প্ৰশাসনে ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে বহুকেইজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ অসমৰ বিভিন্ন জিলাৰ লগতে হোজাই আৰক্ষীয়েও বিগত কিছুদিন ধৰি অভিযান চলাই বৃহৎ পৰিমানৰ নিচাজাতীয় কফ সিৰাপ, ব্ৰাউন সুগাৰ, গাঞ্জা আদি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰিছে৷ হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিৎ দুৱৰা আৰু উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰে তৎপৰতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা নিচাজাতীয় সামগ্ৰীসমূহ আজি হোজাইৰ সদৰ শংকৰদেৱনগৰত দাহ কৰি বিনষ্ট কৰা হয়৷ নিচাজাতীয় সামগ্ৰীসমূহ বিনষ্টকৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই৷দিনৰ প্ৰায় এক বজাত হেলিকপ্টাৰেৰে নগাঁওৰ পৰা হোজাইৰ শংকৰদেৱনগৰত উপস্থিত পোনে পোনে এই কাৰ্যসুচীত অংশগ্ৰহণ কৰে৷ লগতে এই কাৰ্যসূচীত যমুনামুখৰ বিধায়ক সিৰাজুদ্দিন আজমল, হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিঙৰ বিধায়ক শিৱু মিশ্ৰ, হোজাইৰ উপায়ুক্ত ড° সাদনেক সিং, হোজাই আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থ তথা হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে অংশগ্ৰহণ কৰি শংকৰদেৱনগৰ ময়দানত জ্বলাই বিনষ্ট কৰে নিচাজাতীয় সামগ্ৰীসমূহ৷ গই উপলক্ষে শংকৰদেৱনগৰত আয়োজন কৰা হয় এখন ৰাজহুৱা সভা৷ সভাত ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই কয় যে একবাৰে কমবয়সীয়া কিশোৰ ড্ৰাগছৰ কবলত পৰি এক অন্ধকাৰময় দিশেৰে গতি কৰিছে৷ ৰাজ্যত এনে পিতৃও আছে, যাৰ দুয়োটি সন্তানে ড্ৰাগছৰ কবলত পৰি মৃত্যুবৰণ কৰিছে৷ বহু পৰিয়াল ড্ৰাগছৰ বাবে ধ্বংস হৈ পৰিছে৷ বহুতে ড্ৰাগছ সেৱনকাৰী পুত্ৰক জীয়াই ৰাখিবলৈ নিজৰ মাটিকনো বিক্ৰী কৰিবলগীয়া হৈছে৷ ড্ৰাগছ সেৱনকাৰী সকলে নিজৰ পৰিয়ালটোক শেষ কৰাৰ পিছতে লাহে লাহে অপৰাধমুলক কাৰ্যত লিপ্ত হয়৷ যাৰ বাবে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চৰকাৰে এই অভিযান আৰম্ভ কৰি যথেষ্ট সফলতা লাভ কৰাৰ কথি দোহাৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ তেওঁ লগতে কয় যে মে মাহৰ ১০ তাৰিখৰ পৰা জুলাইৰ ১৫ তাৰিখলৈকে মুঠ ৮৭৪ টা ড্ৰাগছৰ গোচৰ পঞ্জীয়ন হৈছে৷ ১৪৯৩ জন ড্ৰাগছ সৰবৰাহকাৰী তথা ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকা অপৰাধীক কৰায়ত্ব কৰা হৈছে৷ লগতে ২০ কেজি হিৰোইন, ৮২৭ কেজি গাঞ্জা,  ১৪ কেজি অপিয়াম, ৬৭৬৫০ টা কফ সিৰাফ,১২ লাখ ৯৩ হাজাৰ ৬২৮ টা নিচাজাতীয় টেবলেট, ২ কেজি মৰফিন,  ৩৩১৪ কেজি পপিষ্ট্ৰো, আদি নিচাজাতীয় সামগ্ৰীৰ লগতে নগদ ধন ১ কোটি ৯ লাখ ২৮ হাজাৰ ৭৬২ টকা, ১৩ হাজাৰ ৬৩০ টকাৰ বৈদশিক মুদ্ৰা, নকল মুদ্ৰা ৬ হাজাৰ ৮০০ টকা ড্ৰাগছ ব্যৱসায়ী সকলৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে৷ লগতে ৩১ বিঘা কেনাবীজৰ খেতি ধ্বংস কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ যোৱা দুমাহত মুঠ ১৬৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা বুলি ভাষনত উল্লেখ কৰে৷ অসম আৰক্ষী সতৰ্ক হোৱা বাবেই এই সফলতা লাভ কৰিব পাৰিছে বুলি মন্তব্য কৰে তেওঁ৷ সভাত মুখ্যমন্ত্ৰীজনে এই সফলতাৰ বাবে অসম আৰক্ষীক ধন্যবাদ জনায়৷ দিনে নিশাই পৰিশ্ৰম কৰি অসম আৰক্ষীয়ে ড্ৰাগছৰ সকলো ৰেকেট বন্ধ কৰিবলৈ আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই৷ আজি হোজাইত ৩ কেজি ২৪০ গ্ৰাম হিৰোইন, ১ হাজাৰ ১৫ কেজি গাঞ্জা, ২৫ হাজাৰ ৫৫২ টা নিচাজাতীয় টেবলেট দাহ কৰি বিনষ্ট কৰা হয়৷হোজাই আৰক্ষীৰ এনে সফলতাৰ বাবে হোজাই আৰক্ষীকো ধন্যবাদ জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মাই৷ আগন্তুক দিনতো অসম আৰক্ষীক ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান অব্যাহত ৰাখিবলৈ আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!