Modi-ক লৈ বিতর্কিত টুইট, সমস্যাত মোহময়ী অভিনেত্রী

Modi-ক লৈ বিতর্কিত টুইট, সমস্যাত মোহময়ী অভিনেত্রী

“গ’ বেক মোদী”  শ্ল’গান দি বিতর্কত সোমাই পৰিছে তামিল অভিনেত্রী অভিয়া। মোদীৰ তামিলনাডু ভ্ৰমণৰ পূৰ্বে অভিয়াই কিয় ‘গো বেক মোদী’ শ্লোগান দিছিল সেই বিষয়ে এক তীব্ৰ চৰ্চা লাভ কৰিছে। যাৰপিছতে অভিয়াৰ বিৰুদ্ধে এটা অভিযোগ দাখিল কৰা হৈছিল। তামিলনাডুৰ স্থানীয় বিজেপি নেতৃত্বই প্ৰশ্ন কৰিছিল যে অভিনেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে “গ’ বেক মোদী” শ্লোগান দি কিয় মানুহক উত্তেজিত কৰিবলৈ চেষ্টা কৰিছিল।

তামিলনাডুৰ বিজেপি সভাপতি ডি এলেক্সিছ সুধাকাৰে অভিয়াৰ বিৰুদ্ধে দাখিল কৰিছিল এই অভিযোগ। দক্ষিণৰ অভিনেত্ৰীগৰাকীক ভাৰতীয় দণ্ড বিধিৰ ৬৯ A, ১২৪ A, ১৫৩ A আৰু ২৯৪ ধাৰাৰ অধীনত ৰুজু কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীৰ চেন্নাই ভ্ৰমণৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে “গ’ বেক মোদী” লিখি নিজৰ টুইটাৰ একাউণ্টৰ পৰা এটা পোষ্ট শ্বেয়াৰ কৰিছিল । আনহাতে, এক সূত্ৰই প্ৰকাশ কৰা মতে, অ’ভিয়াৰ টুইটাৰ একাউণ্ট হেক কৰা হৈছিল ।
Source – Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.