২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব অমিত শ্বাহ

২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব অমিত শ্বাহ

২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানস্থিত বটদ্ৰৱা থান দৰ্শন কৰি শ্বাহে থান প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰিব।

ইয়াৰ লগতে বটদ্ৰৱাত আয়োজন কৰা জনসভাত অংশ লৈ বটদ্ৰৱাবাসীক সম্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য, মহাপুৰুষ শংকৰদেৱৰ স্মৃতিবিজড়িত বটদ্ৰৱা থানক ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ বাবে লোৱা আঁচনি মৰ্মে এই নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰিব।

গৃহমন্ত্ৰী অমিত শ্বাহৰ বটদ্ৰৱা আগমনক লৈ আনন্দ প্ৰকাশ কৰা বটদ্ৰৱা থানা পৰিচালনা সমিতিয়ে এয়া এক ঐতিহাসিক পৰিঘটনা বুলি আখ্যা দিছে।

Source – Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.