আৰক্ষীৰ সন্মুখতে আক্রমণত আহত ৭ মহিলা

আৰক্ষীৰ সন্মুখতে আক্রমণত আহত ৭ মহিলা

ভূমি বিবাদক কেন্দ্র কৰি আজি খাৰুপেটীয়া থানাৰ অন্তর্গত নদীৰমুখ গাঁৱত সংঘটিত হয় তুমুল মাৰপিট৷ সংঘর্ষত সাতগৰাকীকৈ মহিলা গুৰুতৰভাৱে আহত হয়৷ আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ উপস্থিতিৰ মাজতেই সংঘটিত মাৰপিটৰ ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র অঞ্চলটোত৷ ভূমিকেন্দ্রিক সংঘাতৰ বাবে ছিপাঝাৰ থানাৰ অন্তর্গত চাউলখোৱা চাপৰিৰ আনোৱাৰ হাজিৰ নেতৃত্বত এটা বৃহৎ দলে দা, লাঠী–ইটা  আদি লৈ মঙলবাৰে খাৰুপেটীয়াৰ নদীৰমুখ গাঁৱৰ চাৰি ভাতৃ ছুলেমান আলী, আকবৰ আলী, হাচেন আলী আৰু গাজিউৰ ৰহমানৰ মাটিৰ এটা অংশৰ চাৰিওফালে বলপূর্বকভাৱে জেওৰা দি টিনৰ চালিৰে ঘৰ নির্মাণ কৰি বেদখল কৰে৷ ইয়াৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালটোৰ সদস্যই বাধা দিয়াৰ লগতে খাৰুপেটীয়া থানাত গোচৰ দিয়ে৷

এই গোচৰ ভিত্তিত মঙলবাৰে খাৰুপেটীয়া থানাৰ আৰক্ষীৰ এটা দল অর্ধসামৰিক বাহিনীসহ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ সময়তে চাউলখোৱা চাপৰিৰ আনোৱাৰ হাজিৰ নেতৃত্বত, আছমত আলী, আব্দুল জব্বৰ, চকমান আলী, আমজাদ আলী, আনোৱাৰ হুছেইন, খলিলুৰ ৰহমানকে আদি কৰি বৃহৎ দলটোৱে আৰক্ষী–র্ধসামৰিক বাহিনীৰ উপস্থিতিত দা, লাঠী–ইটাৰে আক্রমণ কৰাত ৭গৰাকী মহিলা গুৰুতৰভাৱে আহত হয়৷ আহতসকলক ততাতৈয়াকৈ দুখন ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চেৰে খাৰুপেটীয়া প্রাথমিক স্বাস্থ্য কেন্দ্রলৈ প্রেৰণ কৰা হয়৷ লগে লগে অঞ্চলটোত এক আতংকৰ সৃষ্টি হয়৷ ইফালে নিৰাপত্তাহীনতাত ভোগা ভোক্তভোগী পৰিয়ালৰ হৈ মোছাৰফ হুছেইন নামৰ এজন যুৱকে খাৰুপেটীয়া থানাত আক্রমণকাৰী দলটোৰ ১১গৰাকী ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে৷ ঘটনাৰ তদন্ত কৰি আক্রমণকাৰী দলটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰাৰ লগতে ভোক্তভোগী পৰিয়ালটোৰ ভূমিখিনি চমজাই দিয়াৰ বাবে দৰং জিলা আৰক্ষী অধীক্ষকৰ ওচৰত আহ্বান জনায় ভুক্তভোগী পৰিয়ালটোৱে৷ মাৰপিট সংঘটিত কৰি আৰক্ষী– অর্ধসামৰিক বাহিনীৰ দলৰ সন্মুখৰে আঁতৰি যায় দলটো৷ ইফালে, আৰক্ষী, অর্ধসামৰিক বাহিনীৰ সন্মুখতেই ভয়ংকৰ মাৰপিট কাণ্ডত জডিত কোনো এজন অপৰাধীকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নোহোৱাত ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰহস্যৰো সৃষ্টি হৈছে৷

Source – Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.