কৰ্কট ৰোগীৰ বাবে সুখবৰঃ জি এম চি এইচত টমো থেৰাপিৰ অংকলজী ব্লক মুকলি

কৰ্কট ৰোগীৰ বাবে সুখবৰঃ জি এম চি এইচত টমো থেৰাপিৰ অংকলজী ব্লক মুকলি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত আজি মুকলি কৰা হয় নতুন ৰেডিয়েচন অংকোলজী ব্লক। উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে টমো থেৰাপি দিব পৰা যন্ত্ৰ স্থাপন কৰা ৰেডিয়েচন অংকোলজী ব্লকটো স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে।

ব্লকটো মুকলি কৰি ড০ শৰ্মাই উল্লেখ কৰে যে ভাৰতৰ সমগ্ৰ মেডিকেল কলেজৰ ভিতৰত প্ৰথমবাৰৰ বাবে এই যন্ত্ৰ জি এম চি এইচত স্থাপন কৰা হৈছে।

তেওঁ লগতে যন্ত্ৰটো সম্পৰ্কে কয়- ‘২৮ কোটিটকীয়া এই মেচিনটো ইমানেই আধুনিক যে ইয়াৰ দ্বাৰা দেহৰ সুক্ষ্মাতিসুক্ষ্ম অংগত ৰেডিয়েচন দিব পৰা যায়। ফলত দেহৰ আন অংগত ই কোনো প্ৰভাৱ নেপেলায়।’

মন্ত্ৰীগৰাকীয়ে লগতে কয়- ‘আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন আৰু টাট ট্ৰাষ্টৰ সৈতে আমি যি অনুষ্ঠান কৰিছিলো, সেই অনুষ্ঠানৰ ফালৰ পৰা জি এম চি কেন্সাৰ হাস্পতাললৈ এই যন্ত্ৰ আগবঢ়োৱা হৈছে।’

উল্লেখ্য, এই নতুন ৰেডিয়েচন ব্লকৰ টমো থেৰাপিৰ বাবে কৰ্কটত আক্ৰান্ত ৰোগীয়ে এতিয়া বহিঃৰাজ্যলৈ নগৈ অসমতে চিকিৎসা লাভ কৰিব পাৰিব।

Source – Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.