ছয়মাইল–বেলতলা বজাৰত ক’ভিড প্রট’কল উলংঘাঃ গণসংক্রমণৰ আশংকা

0 min read

ক’ৰোনা মহামাৰীৰ দ্বিতীয় ঢ়ৌৱে সমগ্র দেশৰ বিভিন্ন ৰাজ্যত বিভীষিকাৰ সৃষ্টি কৰিছে৷ নিতৌ ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধিৰ ফলত দেশৰ কেইবাখনো ৰাজ্য মৃত্যু উপত্যকাত পৰিণত হৈছে৷ একেদৰে, অসমৰ লগতে গুৱাহাটী মহানগৰীতো ক্রমাৎ ক’ভিড পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ক’ৰোনা মহামাৰীৰ হটস্পটত পৰিণত মহানগৰীত নিতৌ সহস্রাধিক লোক আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে যদিও জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি পোৱা নাই৷ মহানগৰীৰ বিভিন্ন প্রান্তত থকা বজাৰসমূহত সমাগম হোৱা প্রায় ৯০ শতাংশ লোকে মাস্ক পৰিধান কৰিছে যদিও বজাৰত সমাগম হোৱা লোকৰ মাজত নাই কোনো সামাজিক দূৰত্ব৷ মুখত মাস্ক পৰিধান কৰি সামাজিক দূৰত্বক ভেঙুচালি কৰি মহানগৰীৰ বজাৰত শ শ লোকে বজাৰ–সমাৰ কৰি থকা পৰিলক্ষিত হৈছে৷

বিশেষকৈ ছয়মাইল উৰণীয়া সেতুৰ তলৰ বজাৰত ক’ৰোনা মহামাৰীৰ বিভীষিকাৰ সময়তো শ শ লোক কেৱল আৰক্ষীয়ে জৰিমনা বিহাৰ ভয়ত মুখত মাস্ক পৰিধান কৰি গাতে গা লগাই বজাৰ–সমাৰ কৰা দেখা গৈছে৷ ইপিনে, বজাৰৰ ব্যৱসায়ীসকলেও ক’ভিড প্রট’কল উলংঘা কৰিছে৷ বিশেষকৈ ছয়মাইল উৰণীয়া সেতুৰ তলৰ মাছ, শাক–পাচলি আৰু ফলমূলৰ বজাৰত একাংশ ব্যৱসায়ীয়ে মানি চলা নাই ক’ভিড প্রট’কল৷ লক্ষণীয়ভাৱে বজাৰত সমৱেত হোৱা গ্রাহকসকলৰ মাজতো সজাগতাৰ অভাৱ দেখা গৈছে৷ আনহাতে, বেলতলা বজাৰতো অধিকাংশ ব্যৱসায়ী আৰু গ্রাহকে ক’ভিড প্রট’কল উলংঘা কৰি বজাৰ–সমাৰ কৰা পৰিলক্ষিত হৈছে৷ বজাৰত সমৱেত লোকসকলৰ অধিকাংশ ব্যৱসায়ী আৰু গ্রাহকে মাস্ক পৰিধান কৰিছে যদিও সামাজিক দূৰত্ব মানি চলা নাই৷ যদিহে এইক্ষেত্রত আৰক্ষী–প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ নকৰে, তেন্তে ক’ৰোনা মহামাৰীৰ গণ সংক্রমণে মহানগৰীত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷

You May Also Like

More From Author