19.4 C
Assam
Friday, December 2, 2022

Featured News

আঙুলিৰে নাক খজুৱাই নেকি? শীঘ্ৰে এই কুভ্যাস পৰিত্যাগ কৰক…

আপুনি বাৰু নাক খজুৱাই থাকে নেকি? এইটো...

Assam Police arrest three persons in Nagaon, recover 7.65mm pistol, brown sugar

Assam Police arrested three persons and recovered...

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

জে ই ইৰ মূল পৰীক্ষা স্থগিত

Assamese Newsজে ই ইৰ মূল পৰীক্ষা স্থগিত

ক’ভিড–১৯ সৃষ্ট জটিল পৰিস্থিতিৰ পৰিপ্রেক্ষিতত জে ই ইৰ মূল ২০২১ মে’ৰ পৰীক্ষা স্থগিত ৰখা হৈছে৷ নেচনেল টেষ্টিং এজেন্সী (এনটিএ)ৰ দ্বাৰা আয়োজিত এই পৰীক্ষা স্থগিত ৰখা হৈছে বুলি আজি কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পখৰিয়াল নিশাংকই ঘোষণা কৰিছে৷ পৰীক্ষা স্থগিত ৰখাৰ পিছত পৰৱর্তী পৰীক্ষা সম্বন্ধীয় সকলো বিষয় শিক্ষার্থীয়ে এনটিএৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে জ্ঞাত হ’ব৷

উল্লেখ্য যে জে ই ইৰ মূল পৰীক্ষা অহা ২৪ মে’ৰ পৰা ২৭ মে’লৈ অনুষ্ঠিত হোৱাৰ কথা আছিল৷ গুৰুত্বপূর্ণ যে ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে ইতিমধ্যে নীট–পিজি পৰীক্ষা চাৰি মাহলৈ স্থগিত ৰখা হৈছে৷ মন কৰিবলগীয়া যে ক’ভিড–১৯ দ্বিতীয় জোৱাৰে দেশজুৰি ইমান ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে চলিত বর্ষৰ প্রায়বোৰ পৰীক্ষাই স্থগিত ৰাখিবলগীয়া হৈছে৷ চিবিএছচিৰ দশম শ্রেণীৰ পৰীক্ষা বাতিল কৰাৰ বিপৰীতে দ্বাদশ শ্রেণীৰ পৰীক্ষা স্থগিত ৰখা হৈছে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: