ষষ্ঠতম চি এচ আৰ হেল্থ ইমপেক্ত এৱাৰ্ড, হেল্থ কেম্পেইন ২০২২ অৰ্জন অইল ইণ্ডিয়া লিমিটেডৰ

ষষ্ঠতম চি এচ আৰ হেল্থ ইমপেক্ত এৱাৰ্ড, হেল্থ কেম্পেইন  ২০২২ অৰ্জন অইল ইণ্ডিয়া লিমিটেডৰ

দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে আই এইচ ডব্লিউ কাউন্সিলে নতুন দিল্লীস্থিত হায়াত ৰেজেন্সিত আয়োজন কৰা ষষ্ঠতম চি এচ আৰ হেল্থ ইমপেক্ত এৱাৰ্ড ২০২২ লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰোপৰি উদ্যোগ প্ৰতিষ্ঠানটোৱে চি এচ আৰ প্ৰকল্প অইল আৰোগ্যৰ বাবে  শ্ৰেষ্ঠ চি এচ আৰ হেল্থ কেম্পেইন ২০২২ শিতানত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।  ভাৰত চৰকাৰৰ বিষয়ববীয়া, বিচাৰ পৰিষদ আৰু প্ৰতিষ্ঠিত ব্যক্তিসকল উপস্থিতিত সামাজিক ন্যায় আৰু সৱলীকৰণৰ ৰাজ্যিক মন্ত্ৰী  ৰামদাস আথাৱালে অইলৰ প্ৰতিনিধি তথা চি এচ আৰৰ জ্যেষ্ঠ প্ৰৱন্ধক নয়না মধু দত্ত, প্ৰৱন্ধক শতাব্দী মহন্ত, প্ৰিয়াশ্ৰী গোস্বামীৰ হাতত কালি এই বঁটা অৰ্পণ কৰে । লেখক তথা শিক্ষাবিদ শিৱ খেৰাও উপস্থিত থকা অনুষ্ঠানত চি এচ আৰ প্ৰকল্প ‘অইল আৰোগ্য’ক হেল্থ ইমপেক্ত গ্ৰাউণ্ডব্ৰেকাৰ হিচাপেও বিবেচনা কৰে ।

GTM Desk

Related