ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব CTET-২০২১

1 min read

১৬ ডিচেম্বৰৰ পৰা ১৩ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় শিক্ষকৰ যোগ্যতা পৰীক্ষা (CTET) । এইবাৰ কম্পিউটাৰ মাধ্যমেৰে (Computer Based Test) অনুষ্ঠিত হ’ব এই পৰীক্ষা । কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে শনিবাৰে ঘোষণা কৰে মতে, এই পৰীক্ষা প্ৰায় ২০ টা ভাষাত অনুষ্ঠিত কৰা হ’ব ৷

CBSE য়ে জনোৱা মতে পৰীক্ষাৰ পাঠ্যক্ৰম, ভাষা, যোগ্যতাৰ চৰ্ত, পৰীক্ষা মাচুল, পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া চহৰ আৰু গুৰুত্বপূৰ্ণ তথ্যবোৰ ৱেবছাইটত উপলব্ধ হ’ব । প্ৰাৰ্থীসকলে কেৱল CTET ৱেবছাইটৰ জৰিয়তেহে অনলাইন আবেদন কৰিব লাগিব । আবেদন প্ৰক্ৰিয়া ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৷ আবেদন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে ১৯ অক্টোবৰ ।

সাধাৰণ (General) আৰু অ’বিচি (OBC) শ্ৰেণীৰ বাবে আবেদন মাচুল কেৱল প্ৰশ্নকাকত ১ বা ২-ৰ বাবে ১,০০০ টকা আনহাতে দুয়োখন কাকতৰ বাবে ১,২০০ টকা হ’ব । অনুসূচীত জনজাতি বা অনুসূচীত জাতিৰ আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ ক্ষেত্ৰত দুয়োখন কাকতৰ বাবে মাচুল হ’ব ক্ৰমে ৫০০ টকা আৰু ৬০০ টকা ।

You May Also Like

More From Author