উফিৰ সমস্যাৰ প্ৰাকৃতিক বিধান

1 min read

উফিৰ সমস্যা আমাৰ বেছিভাগ মানুহেই ভোগা এক সাধাৰণ সমস্যা৷ পুৰুষ আৰু মহিলা উভয়ে এই সমস্যাত ভোগে যদিও পুৰুষসকলৰ মাজত উফিৰ সমস্যা বেছিকৈ হোৱা দেখা যায়৷ আকৌ গ্রীষ্মকালতকৈ শীতকালত উফি বেছিকৈ হয়৷ মূৰৰ ছালখন যেতিয়া শুকান হৈ পৰে, তেতিয়া ছালৰ সৰু সৰু টুকুৰাবোৰ চুলিৰ মাজত দেখা যায়৷ ইয়াকেই আমি সাধাৰণতে উফি বুলি কওঁ৷ যদিওবা ই বিশেষ শাৰীৰিক অসুবিধাৰ সৃষ্টি নকৰে, কিন্তু সৌন্দর্যৰ দৃষ্টিৰে চাবলৈ গ’লে চুলিৰ মাজত বগা বগা উফিবোৰ দেখিবলৈ বৰ বেয়া লাগে৷ উফি বেছি হ’লে সেইবোৰ কান্ধতো পৰি থাকে৷ আকৌ উফিৰ বাবে য’তে–ত’তে বা মানুহৰ আগত মূৰ খজুৱাব লগা হ’লে বৰ লাজ লগা পৰিস্থিতিৰ সৃষ্টি হয়৷ কিন্তু কেতিয়াবা মূৰৰ ছালৰ সংক্রমণ হ’লে উফিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে৷
উফি কি কি কাৰণে হয়–
উফি হোৱাৰ প্রকৃত কাৰণ জনা নাযায়৷ কিন্তু কিছুমান কাৰণ আছে, যাৰ বাবে উফি হ’ব পাৰে৷ তলত সেইবোৰ উল্লেখ কৰা হ’ল৷
বয়সৰ ফালৰ পৰা চাবলৈ গ’লে যিকোনো বয়সতে উফি হ’ব পাৰে যদিও কিশোৰসকলৰ পৰা মধ্য বয়সীয়া লোকৰ মাজত এই সমস্যা বেছিকৈ হোৱা দেখা যায়৷
হৰম’নৰ কাৰণে উফিৰ সমস্যা সাধাৰণতে কৈশোৰ অৱস্থাতেই আৰম্ভ হোৱা দেখা যায়৷ এই বয়সত শৰীৰত বিভিন্ন ধৰণৰ হৰম’ন উৎপাদন হয়৷ হৰম’ন উৎপাদনৰ বাবে উফিৰ সৃষ্টি হ’ব পাৰে৷
ছেবৰিক ডাৰমাটাইটিছ Seborrheic dermatitis) এবিধ ছালৰ ৰোগ মেলাছেজিয়া Malassezia) নামৰ এবিধ ভেঁকুৰৰ দ্বাৰা উৎপন্ন হয়৷ এই ৰোগত বেছিকৈ ছালৰ কোষ উৎপন্ন হয়৷ যেতিয়া অতিৰিক্ত ছালৰ কোষবোৰ মৰি যায়, তেতিয়া সেইবোৰ ছালত উৎপন্ন হোৱা তেলৰ লগত মিহলি হৈ উফিৰ সৃষ্টি কৰে৷ ছেবৰিক ডাৰমাটাইটিছ মূৰৰ লগতে চেলাউৰি বা নাকৰ দুয়োকাষে হ’ব পাৰে৷
মূৰৰ ছালখনত ভেঁকুৰৰ সংক্রমণ হ’লেও উফিৰ সমস্যাই দেখা দিব পাৰে৷ সাধাৰণতে গ্রীষ্মকালতকৈ শীতকালত উফিৰ সমস্যা বেছি হোৱা দেখা যায়৷ গ্রীষ্মকালত সূর্যৰ আলট্রা ভায়’লেট ৰশ্মিয়ে Ultra violet ray) ভেঁকুৰ সৃষ্টি হোৱাত বাধা দিয়ে৷ সেইবাবে চুলিত অলপ ৰ’দ লগোৱাটো চুলিৰ বাবে উপকাৰী৷
ভালদৰে চুলি নফণিওৱা আৰু নোধোৱাৰ ফলত উফি হ’ব পাৰে৷ নিয়মিত চুলি ছেম্পু নকৰিলে চুলিত ময়লা জমা হৈ উফিৰ সৃষ্টি হ’ব পাৰে৷ যিসকলৰ চুলি বেছি তেলেতীয়া, তেওঁলোকে অলপ ঘনকৈ ছেম্পু কৰিব লাগে, কাৰণ তেলেতীয়া চুলিত ময়লা জমা হৈ উফি হ’ব পাৰে৷ সদায় ভালদৰে চুলি ফণিয়ালে চুলিখিনি পৰিষ্কাৰ–পৰিপাটি হৈ থকাৰ লগতে মূৰৰ ছালখন আৰু চুলিৰ গুৰিত ভালদৰে তেজ চলাচল হৈ থাকে৷ ফলত উফি হোৱাৰ সম্ভাৱনা কমি থাকে৷
যিসকল লোকৰ ছালখন স্বাভাৱিকতেই শুকান, তেওঁলোকৰ উফি হোৱাৰ সম্ভাৱনা বেছি৷ বেছি ঘনকৈ ছেম্পু কৰিলে, বজাৰৰ যিকোনো ছেম্পু, কণ্ডিছনাৰ, চুলিৰ বিভিন্ন ৰং আদি জধে–মধে ব্যৱহাৰ কৰিলে মূৰৰ ছালখন শুকান হৈ পৰিব পাৰে বা এলার্জীও হ’ব পাৰে৷ এইদৰেও উফি হ’ব পাৰে৷
ছালৰ কিছুমান বিশেষ বেমাৰ যেনে চৰিয়েছিছ একজেমা আদিত ভুগি থকা লোকৰ উফি হোৱাৰ সম্ভাৱনা বেছি৷
খাদ্য তালিকাত জিংক আৰু ভিটামিন ‘বি’ৰ অভাৱে উফি হোৱাত সহায় কৰে৷
বিভিন্ন ধৰণৰ ছালৰ বেমাৰৰ লগত মানসিক চাপৰ সম্পর্ক আছে৷ এই মানসিক চাপৰ বাবেও উফি হ’ব পাৰে৷
কিছুমান বিশেষ ৰোগ কিছুমান স্নায়ুজনিত ৰোগ, এইচ আই ভি সংক্রমিত ব্যক্তি, হূদ ৰোগত আক্রান্ত ৰোগী বা যিসকলৰ ৰোগ প্রতিৰোধ ক্ষমতা কম, সেইসকলৰ ছেবৰিক ডাৰমাটাইটিছ উফি হোৱাৰ সম্ভাৱনা বেছি৷
উফিৰ প্রতিকাৰৰ বাবে অতি সহজতে কৰিব পৰা কেতবোৰ প্রাকৃতিক বিধান উল্লেখ কৰা হ’ল–
অলপ নাৰিকল তেলত সামান্য পৰিমাণে কর্পূৰ মিহলাই ৰাতি শোৱাৰ আগতে চুলিৰ গুৰিত ভালদৰে মালিচ কৰিব লাগে৷ পিছদিনা চুলিখিনি ধুই দিব লাগে৷ এইদৰে নিয়মিত কিছুদিন কৰিলে উফিৰ সমস্যা নাশ হয়৷
নাৰিকলৰ তেল গৰম কৰি লৈ তাত অলপ নেমুৰ ৰস মিহলাই ল’ব লাগে৷ এই তেলেৰে চুলিৰ গুৰিত মালিচ কৰি ৩০ মিনিট সময় থাকি তাৰ পিছত ভালদৰে চুলিখিনি ধুই দিব লাগে৷ এইদৰে ২–৩ সপ্তাহ কৰিলে উফি নোহোৱা হয়৷
নিমপাত আৰু নেমু উফি ৰোধ কৰাত অতি উত্তম৷ এমুঠি নিমপাতৰ পেষ্ট বনাই লৈ তাত আধাফাল নেমুৰ ৰস মিহলাব লাগে৷ এতিয়া এই মিশ্রণটো চুলিৰ গুৰিত ভালদৰে লগাই আধাঘণ্টা থাকি চুলিখিনি ধুই পেলাব লাগে৷ এইদৰে সপ্তাহত দুবাৰ কৰিলে অতি সুফল পোৱা যায়৷
অলপ মেথিগুটি গোটেই ৰাতি পানীত তিয়াই থ’ব লাগে৷ পিছদিনা পুৱা মেথিগুটিখিনি ভালদৰে পিচি পেষ্ট বনাই লৈ চুলিত লগাব লাগে৷ ৩০–৪০ মিনিট পিছত পৰিষ্কাৰ পানীৰে চুলিখিনি ধুই পেলাব লাগে৷ এইটো অতি ফলদায়ক বিধান৷ মেথিয়ে উফি নাশ কৰাৰ লগতে চুলি মিহি কৰে আৰু চুলি সৰাও বন্ধ কৰে৷
আমলখিৰ পাউদাৰ বজাৰত কিনিবলৈ পোৱা যায়৷ আমলখিৰ পাউদাৰৰ লগত পানী আৰু কেইটামান তুলসী পাত দি এটা পেষ্ট তৈয়াৰ কৰি ল’ব লাগে৷ এই পেষ্টটো ৩০–৪০ মিনিটৰ বাবে মূৰত লগাই থৈ তাৰ পিছত ধুই পেলাব লাগে৷
ওপৰিউক্ত বিধানসমূহৰ দ্বাৰা সুফল নাপালে বা উফিৰ বাবে অত্যন্ত খজুৱতি হ’লে বা মূৰৰ ছাল ৰঙা পৰি উখহি উঠিলে চিকিৎসকৰ পৰামর্শ লোৱা উচিত৷

 

You May Also Like

More From Author