খং কেনেকৈ প্ৰশমিত কৰিব

1 min read

খং নামে চণ্ডাল৷ খঙত হিতাহিত জ্ঞান শূন্য হৈ মানুহে কেতিয়াবা নকৰিবলগীয়া কামো কৰে৷ পিছত তেনে কাম কৰাৰ বাবে অনুশোচনাত দগ্ধ হয়৷ আকৌ কেতিয়াবা সেই কামৰ বাবে ভয়ংকৰ শাস্তিৰো সন্মুখীন হ’বলগীয়া হয়৷ সেইবাবেই যিমান পৰা যায়, খঙৰ পৰা আঁতৰি থাকিব পৰাটোৱেই মংগল৷ কেৱল মানসিকভাৱেই নহয়, শাৰীৰিকভাৱেও খং দমন কৰিব পৰাটোৱেই মংগল৷ কেৱল মানসিকভাৱেই নহয়, শাৰীৰিকভাৱেও খং দমন কৰিব পৰাটো যথেষ্ট ফলদায়ক৷ খং উঠিলেই কথাটো পাহৰিবলৈ চেষ্টা কৰি একমনে দীঘল দীঘলকৈ উশাহ লওক৷ এনেদৰে এক মিনিটমান সময় উশাহ ল’লে দেখিব খং যথেষ্ট প্রশমিত হৈছে৷ খং উঠিলে সেই স্থানত নাথাকিব৷ কোঠাটোৰ পৰা অথবা সেই স্থানৰ পৰা আঁতৰি যাওক আৰু মুকলিত মধ্যমীয়া বেগত খোজকাঢ়ক৷ ১ ছেকেণ্ডত এটা সংখ্যা উচ্চাৰণ কৰি ১ৰ পৰা ১০০ লৈকে গণিবলৈ চেষ্টা কৰক৷ এইবোৰৰ উপৰি নিয়মিতভাৱে ব্যায়াম কৰিলে মনটো যথেষ্ট শান্ত আৰু সমাহিত হয় আৰু তাৎক্ষণিক খং আৰু উদ্বেগ আঁতৰাই ৰাখিব পাৰি৷

 

You May Also Like

More From Author