ডিমৌৰ ধেমেচীত নিতৌ দহ-পোন্ধৰ বিঘা মাটিত হাল বাই পিতৃক সহায় কৰিছে দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীয়ে
ধৰাৰ বুকুলৈ পলমকৈ হলেও বৰষুণজাক নামি অহাৰ লগে লগে এতিয়া গাঁৱে গাঁৱে চহা কৃষকৰ ব্যস্ততা বাহি আহিছে।
যিহেতু কৃষক সকলে এতিয়া সপোন দেখিছে কেৱল খেতিৰ মাটি দৰাত কেনেকৈ সময়মতে কঠিয়া ৰূপন কৰি বছৰটোৰ বাবে ভাত মুঠি যোগাৰ কৰিব পাৰি।
এই সময় হৈছে কেৱল কৃষকৰ ,সেইয়ে সকলো চহা কৃষক নামিছে পথাৰত আৰু ব্যস্ত হৈ আছে আপোন পথাৰখনত মাটি চহোৱাত।বিশেষকৈ এইবাৰ মিনি লকডাউনে বহুতকে পথাৰত নমাত সহায়হে কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে ডিমৌৰ কাষৰীয়া ধেমেচীত ট্ৰেক্টৰ লৈ পথাৰত হাল বাই এইগৰাকী কিশোৰী সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।
কিশোৰীগৰাকীয়ে নিজে হাতেৰে ষ্টেৰিং পোনাই চাৰি নম্বৰ গিয়েৰত চহাই গৈছে এবিঘাৰ পিছত আন এবিঘা মাটি। লকডাউনৰ সময়ত ঘৰতে থাকি আমনি লগাত দেউতাকক হাল হোৱাত সহায় কৰিছে কিশোৰী আয়ত্ৰী বুঢ়াগোহাঁইয়ে। মৰাণ বিধান সভা সমষ্টিৰ ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী আয়ত্ৰী বুঢ়াগোহাঁই ।
কিশোৰী আয়ত্ৰীয়ে ১১ বছৰ বয়সৰ পৰাই ট্ৰেক্টৰ চলাবলৈ শিকিছিল । পঢ়াৰ লগতে ফুটবল খেলি ভালপোৱা আয়ত্ৰীয়ে সুন্দৰ কাম বাবে এতিয়া সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।
কিশোৰীগৰাকীৰ পিতৃ ধেমেচী নিবাসী তথা অঞ্চলটোৰ এজন সফল কৃষক গজেন বুঢ়াগোহাঁইয়ে দুখন ট্ৰেক্টৰ লৈ গত সময়ত হাল বাই পৰিয়ালটো পোহপাল দি আছে। এই কৰ্মত এতিয়া কন্যাই পিতৃৰ সহায় কৰি দিয়াত অত্যন্ত সুখী পিতৃ মাতৃ দুয়ো। DB