১০ দিনৰ বাবে ডিব্ৰুগড় জিলাত হ’ব পাৰে লক ডাউন : ড: হিমন্ত বিশ্ব শৰ্মা

1 min read

আজি পুৱা ১০ বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডি এন পি এলত উপস্থিত হয় । ডি এন পি এলৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ৰূপম গোস্বামী, অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুলচন্দ্ৰ স্বৰ্গীয়াৰীয়ে গামোছা, চেলেং চাদৰ, হেংদান আগবঢ়াই মুখ্যমন্ত্ৰী গৰাকীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে । ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ডি এন পি এলৰ ভিতৰত এখন অৰ্কিড উদ্যান মুকলি কৰা লগতে গেছ কম্প্ৰেচাৰৰ চতুৰ্থ গোটটো ফিটা কাটি উদ্বোধন কৰে ।  এই কাৰ্যসূচী সমাপ্তৰ পাছতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পোনে পোনে অসম গেছ কোম্পানীত উপস্থিত হয় । গেছ কোম্পানীৰ শীৰ্ষ বিষয়াৰ লগত এক বৈঠকত মিলিত হয় । প্ৰায় তিনিঘণ্টা যোৰা আলোচনাত অন্তত প্ৰতিষ্ঠানটোৰ চৌহদত এজোপা গছ পুলি ৰূপন কৰে । ইয়াৰ পাছতে সাংবাদিকসকলক সম্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যদিহে অহা সপ্তাহৰ ভিতৰত ডিব্ৰুগড় জিলাত ক’ভিড সংক্ৰমণ ৰোধ নহয় তেন্তে ডিব্ৰুগড় জিলাত ১০ দিনৰ বাবে লকডাউন ঘোষণা কৰা হব । ১ জুলাই লৈকে দ্বিতীয় পালি ভেকচিন লোৱা লোক সকল কার্যলয়লৈ আহিব লাগিব । তদুপৰি অহা কালিৰ পৰা ৩ লাখ ভেকচিনৰ কাম আৰম্ভ কৰিব পাৰিলে অহা ১০ দিনত ৬০ লাখ লোকক ভেকচিন দিব পাৰিম বুলি দুলীয়াজানৰ অসম গেছ কোম্পানী পৰিদৰ্শন কৰিবলৈ আহি এই মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় অসম গেছ কোম্পানীৰ গেছৰ ভাণ্ডাৰ ৪০ শতাংশলৈ বৃদ্ধি হোৱাত কোম্পানীটোৱে ৩০০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে । এনেদৰে চলি থাকিলে অনাগত ৪ বছৰত ১০০০ কোটি টকালৈ বৃদ্ধি হব গেছৰ উৎপাদন । যোৱা বছৰ অইল ইণ্ডিয়া লিমিটেডৰ ব্যৱসায় বেয়া আছিল সেইবাবে অইলে ৩ মিলিয়নৰ ব্যৱসায় কৰিব নোৱাৰিলে যাৰ ফলত অসম চৰকাৰে পাব লগীয়া ৮০০ কোটি টকা লাভ নকৰিলে, অইলে যিমানেই উৎপাদন কৰিব অসম চৰকাৰে সিমানেই ৰাজভঁৰাল টনকিয়াল হব, ৰাজভঁৰাল টনকিয়াল হলেহে অসমত উন্নয়ন মূলক কাম হব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
ইফালে এই সময়ছোৱাত মুখ্যমন্ত্ৰীক সংগ দিয়ে কেন্দ্ৰীয় খাদ্য আৰু সংসাধনৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কৃষি মন্ত্ৰী অতুল বৰা, শক্তিমন্ত্ৰী বিমল বৰা, শ্ৰমমন্ত্ৰী সঞ্জয় কিষান,   দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা আৰু অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে । DB

You May Also Like

More From Author