fbpx
September 2, 2021

যৌতুকৰ বাবে নিৰ্যাতনৰ বলি এগৰাকী ন-বোৱাৰী

ৰাজ্যত পুনৰ সংঘটিত হৈছে বোৱাৰী নিগ্ৰহৰ ঘটনা ৷ অভিযোগ অনুসৰি, যৌতুক(Dowry) বিচাৰি ন-বোৱাৰীক চলোৱা হৈছে অকথ্য নিৰ্যাতন ৷ বোৱাৰীৰ পৰিয়ালে যৌতুক দিবলৈ অসমৰ্থ হোৱাত বিয়াৰ পাচতেই তেওঁ স্বামী আৰু স্বামীৰ পৰিয়ালৰ অত্যাচাৰৰ বলি হ’বলগীয়াত পৰে ৷

কিন্তু বোৱাৰীগৰাকীৰ পৰিয়ালে যৌতুক দিবলৈ অসমৰ্থক হোৱাত তেওঁৰ ওপৰত আৰম্ভ হয় শাৰীৰিক আৰু মানসিক নিৰ্যাতন । প্ৰতি নিশাই যৌতুক বিচাৰি ন-বোৱাৰীগৰাকীৰ ওপৰত চলিছিল নিৰ্যাতন । অকল শাৰীৰিক আৰু মানসিক নিৰ্যাতনতে ক্ষান্ত নাথাকি স্বামীৰ সৰু ভায়েক সুমৰ আলীয়ে শালীনতা হানি কৰাৰ অপচেষ্টা কৰা বুলিও ভুক্তভোগী বোৱাৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷

মাতৃ সমতুল্য নবৌৱেকৰ অশ্লীল ভিডিঅ’ বনাই নিৰ্যাতন চলাইছিল ন-বোৱাৰীগৰাকীৰ দেওৰেকে ৷ অৱশেষত অত্যাচাৰ সহিব নোৱাৰি অভিযুক্ত স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে চাপৰ থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী বোৱাৰীৰাকীয়ে ৷

যৌতুক নিদিয়াৰ বাবে বোৱাৰীগৰাকীক স্বামীৰ পৰিয়ালে হত্যাৰ চেষ্টা চলোৱা বুলিও তেওঁ জানিবলৈ দিয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি স্বামী মিনাৰ আলীক আটক কৰে ৷

যৌতুক প্ৰথা এটি সামাজিক ব্যাধি । যৌতুক বিচাৰি ৰাজ্যত চলি নাৰী নিৰ্যাতন কোনো নতুন কথা নহয় । যৌতুকৰ বাবে ইতিমধ্যে বহু যুৱতীয়ে বিয়াৰ পাচত স্বামী আৰু তেওঁৰ পৰিয়ালৰ অকথ্য নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছে ৷ এই যৌতুক প্ৰথাৰ বিৰুদ্ধে চৰকাৰে আইন বলবৎ কৰিছে যদিও এই আইনলৈ যেন কেৰেপেই নকৰে একাংশ লোকে ৷

error: Content is protected !!
%d bloggers like this: