fbpx
September 2, 2021

বীৰ লাচিত সেনা অসমে দাহ কৰিলে বঙালী সংগঠনৰ নেতাৰ প্ৰতিকৃতি

 শিৱসাগৰৰ এগৰাকী অসহায় অসমীয়া বিধৱা মহিলাক তেওঁৰ ন্যায প্রাপ্তিৰ দাবীত সহায়ৰ হাত আগবঢ়োৱা বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাক উদ্দেশ্য কৰি বঙালী ফেডাৰেচনে কৰা মন্তব্যক লৈ বীৰ লাচিত সেনাৰ সদস্যই উত্তাল কৰে শিৱসাগৰ নগৰৰ মাজমজিয়া । প্ৰায় দুদিন পূৰ্বে এগৰাকী ব্যৱসায়িক ধমক দিছিল শৃংখল চলিহাই ৷

মঙলবাৰে দিনৰ ২ বজাত শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দ’লমুখ চাৰিআলিত বঙালী ফেডাৰেচনৰ নেতা প্রদীপ দত্তৰ প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে বিক্ষোভ প্ৰদৰ্শন কৰে । অসমীয়া বঙালী ভাগ ভাগ কৰা অপশক্তিক কোনো কাৰণত প্ৰাধান্য দিয়া নহ’ব বুলিও স্পষ্ট কৰিছে প্রতিবাদকাৰীয়ে ।

উল্লেখ্য যে, শিৱসাগৰ চহৰৰ মাজমজিয়াত ননী দেৱী নামৰ দুৰ্ভগীয়া মহিলাগৰাকীৰ বাসগৃহৰ লগতে আছে দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ বহু বছৰ ধৰি নাৰায়ন পাল, গোবিন দত্ত নামৰ দুগৰাকী ব্যৱসায়ীয়ে ননী দেৱীৰ দোকান ঘৰত ব্যৱসায় চলাই আহিছিল ৷ কিন্তু স্বামীৰ মৃত্যুৰ পিচত এটি ৰোগীয়া পুত্ৰৰ সৈতে ননী দেৱী অকলশৰীয়া হোৱাৰ দুৰ্বলতাৰ সুযোগ লৈ দোকান ঘৰ বলপূৰ্বকভাৱে দখল কৰি আহিছে অনা অসমীয়া ব্যৱসায়ী নাৰায়ণ পালে ।

যোৱা শনিবাৰে এইগৰাকী মহিলাৰ কাষত বীৰ লাচিত সেনা থিয় হৈ নাৰায়ণ পালক ৪৮ ঘণ্টাৰ ভিতৰত দোকান ঘৰ খালী কৰাৰ সময়সীমা বান্ধি দিয়ে । অন্যথা ভয়াৱহ পৰিস্থিতি সৃষ্টি হ’ব বুলি সকিয়াই দিয়ে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই । কিন্তু ,৪৮ ঘন্টা অতিক্ৰম কৰাৰ পাচতো সুফল নোপোৱাত শৃংখল চলিহাৰ লগতে বীৰ লাচিত সেনাৰ কৰ্মী সকলক লগত লৈ সদৰ থানাত এজাহাৰ দাখিল কৰে ননী দেৱীয়ে ৷

error: Content is protected !!
%d bloggers like this: