গোলাঘাটত হত্যাকাৰী নাজিদুল হুছেইনৰ ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ; হিন্দু যুৱ পৰিষদৰ গোচৰৰ ভিত্তিত অভিযুক্তৰ চাৰি আত্মীয়ক আটক

গোলাঘাটত হত্যাকাৰী নাজিদুল হুছেইনৰ ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ; হিন্দু যুৱ পৰিষদৰ গোচৰৰ ভিত্তিত অভিযুক্তৰ চাৰি আত্মীয়ক আটক

গোলাঘাট বেবেজীয়া কাণ্ডৰ মূল অভিযুক্ত হত্যাকাৰী নাজিদুল হুছেইনৰ ফাঁচীৰ দাবীত আজি গোলাঘাটত বিভিন্ন দল-সংগঠনৰ লগতে বেবেজীয়াবাসীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদত প্ৰতিবাদকাৰীয়ে শীঘ্ৰেই নাজিদুলক ফাঁচী দিয়া আৰু অসম পুলিচ হায় হায় ধ্বনিৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে অসম পুলিচৰ প্ৰতি এই প্ৰতিবাদ কৰাৰ মূলতে আৰক্ষী জিম্মাত থকা সময়ত আঘাতপ্ৰাপ্ত হোৱা নাজিদুলক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰাত স্বয়ং আৰক্ষীৰ সন্মুখতে অভিযুক্তৰ তিনি ভাতৃয়ে উদ্ভণ্ডালী কৰি চিকিৎসালয়ৰ চৌহদত এক অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি কৰি ঘটনা সংঘটিত হোৱা গাঁও জ্বলাই দিয়াৰো ভাবুকি প্ৰদান কৰিছিল।

আৰক্ষীৰ সন্মুখতে অভিযুক্তৰ ভাতৃয়ে কৰা অসভ্যালীৰ বাবে প্ৰতিবাদকাৰীয়ে আজি অসম পুলিচকো তীব্ৰ বাক্যবাণেৰে শ্ল’গান দিয়া পৰিলক্ষিত হয়। ইফালে দেওবাৰে হিন্দু যুৱ পৰিষদৰ কৰ্ম কৰ্তাই গোলাঘাট আৰক্ষী থানাত অভিযুক্ত নাজিদুলৰ তিনি ভাতৃৰ বিৰুদ্ধে তৰা গোচৰৰ ভিত্তিত চিকিৎসালয়ত উদ্ভণ্ডালীৰ সৃষ্টি কৰা ৱাহিদুৰ ইছলাম, মৈদুল ইছলাম আৰু চৰিদুল ইছলামৰ লগতে এগৰাকী মহিলাক সোধপোছৰ বাবে আটক কৰিছে । অৱশ্যে বাতৰি লিখাৰ পৰলৈকে এই সন্দৰ্ভত আৰক্ষীয়ে কোনো মন্তব্য আগবঢ়োৱা নাই।

GTM Desk

Related