28.1 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

বিজেপি চৰকাৰৰ সমালোচনাত সৰৱ হৈ পৰিছে বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া ।

Assamese Newsবিজেপি চৰকাৰৰ সমালোচনাত সৰৱ হৈ পৰিছে বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া ।

 

নাজিৰা পৌৰ ব্লক কংগ্ৰেছৰ উদ্যোগত সোমবাৰে নাজিৰাত বাহিৰ কৰা হাত ছে হাত জোড়ো যাত্ৰা আৰু জয় ভাৰত সত্যাগ্ৰহ , পথসভাত অংশ লৈ অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় , সাম্প্ৰতিক দেশৰ অৰ্থনৈতিক সংকটৰ ছবি স্পষ্ট হৈ পৰিছে , যুৱ সমাজ কৰ্ম সংস্থাপনহীনতা , সহ্যৰ সীমা চেৰাই যোৱা মূল্যবৃদ্ধি , কৃষি খণ্ডৰ ভয়ংকৰ দুৰ্দশাগ্ৰস্ত অৱস্থা আৰু দেশৰ সম্পদৰাজিৰ ওপৰত কৰ্পৰেট গোষ্ঠীৰ সম্পূৰ্ণ দখল অব্যাহত আছে বুলি অভিযোগ উত্থাপন কৰে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই লগতে কয় ,ৰাহুল গান্ধীক বিজেপি চৰকাৰে অন্যায় ভাৱে জেললৈ নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি মন্তব্য কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

ইয়াৰোপৰি বিজেপি চৰকাৰে বিভিন্ন প্ৰতিশ্ৰুতি পালনতো ব্যৰ্থ হোৱা বুলি সৰৱ হৈ পৰে শইকীয়া।

বাইটঃ দেবব্ৰত শইকীয়া

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট ।।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!