Debate Competition at MSSV, Nagaon to be held on 27th March 2019

Debate Competition at MSSV, Nagaon to be held on 27th March 2019

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী গোটৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত দ্বিতীয় বাৰৰ বাবে আন্তঃ বিশ্ববিদ্যালয়/মহাবিদ্যালয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতাখন আয়োজন কৰা হব, অহা মাৰ্চ মাহৰ ২৭ তাৰিখে বিশ্ববিদ্যালয়খনৰ নগাঁও চৌহদত “ অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণে অসমৰ খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব ” শীৰ্ষক বিষয়ত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে উদ্বোধন কৰিব লগা প্ৰতিযোগিতাখনত অধ্যক্ষতা কৰিব অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে ৷ প্ৰতিযোগিতাৰ সৱিশেষ জানিবলৈ ৮৬৩৮৯০৯১০৩, ৭০০২৪৩১০১৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.mssv.co.in লগইন কৰিব পাৰিব বুলিও আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ৷লগতে আয়োজক কমিটিয়ে Guwahati Times ক Media সহযোগি হিচাপে ৰাখিছে বুলিও জানিব দিয়ে। #mssv #mssvn #nagaon #assam

নগাঁৱৰ পৰা আদিল শ্বাহ গুৱাহাটী টাইমচ।

Desk Editor