দিল্লীয়ে উত্তৰ-পূৱক মাহী আইৰ দৃষ্টিৰে চাই

1 min read

“বলিউডৰ বলিষ্ঠ অভিনেতা তথা মডেল মিলিন্দ সুমনৰ পত্নী অংকিতা কোঁৱৰে নিজৰ ইনষ্টাগ্রাম হেণ্ডেলযোগে উত্তৰ-পূৱ প্ৰান্তৰ লোকসকলৰ সৈতে হোৱা ভেদ-ভাৱৰ কথা মুকলি মুৰীয়াকৈ প্ৰকাশ কৰি দিল্লীৰ এখন সচাঁ ছৱি দাঙি ধৰিছে।

অংকিতা কোঁৱৰে কোৱা উত্তৰ-পূৱৰ লোকসকলক তেতিয়াহে ভাৰতীয় বুলি ভাবে যেতিয়া দেশৰ বাবে তেওঁলোকে মেডেল জয় কৰি আনে। স্বাধীনতাৰ ৭৪ বছৰ পাৰ হোৱাৰ পিচতো দিল্লীয়ে উত্তৰ-পূৱক হেয়জ্ঞান কৰি থকাৰ নিৰ্মোহ তথা জীয়া ছৱি দাঙি ধৰিছে অংকিতা কোঁৱৰে” -এক প্ৰেছ বিজ্ঞপ্তিত এনদৰে কয় ৰাজ্যৰ সমন্বয়- সংহতি- ঐক্যতাৰ বৃহৎ অনুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম)ৰ প্ৰধান সম্পাদক তথা সংবাদ-সাহিত্যালোচনী প্ৰভঞ্জনৰ সম্পাদক দীপক শৰ্মাই।

বহুবাকৰ প্ৰধান সম্পাদক শ্ৰীশৰ্মাই কয়- “দিল্লীয়ে সৰ্বদিশতে উত্তৰ-পূৱক মাহী আইৰ দৃষ্টিৰে চাই আহিছে। চৰম প্ৰতাৰণা। কলিজা কাটি খুৱালেও  মৰম-স্নেহৰ আপডাল নকৰে দিল্লীয়ে। উত্তৰ-পূৱৰ জনসাধাৰণে আন্দোলন নকৰিলে একো এটা নাপায়। ই ধ্ৰুৱ সত্য। চিৰ শাশ্বত।” বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই আৰু কয়- ১৯৬২ চনত আমাৰ অসমখন দিল্লীয়ে তেতিয়াৰ পূব পাকিস্তান (বৰ্তমান বাংলাদেশ) ক গতাব খুজিছিল। কিন্তু সাংসদ হেম বৰুৱা, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰে অসমৰ সৱল নেতাৰ কঠোৰ স্থিতি, অপৰিসীম শ্ৰম, ত্যাগৰ বিনিময়ত অসম ৰক্ষা পৰিছিল। কিমান দুৰ্ভাগ্য আমি অসম তথা উত্তৰ-পূৱৰ জনসাধাৰণ।

আমি সমগ্র অসমৰ জনসাধাৰণ দল-মত- সংগঠন নিৰ্বিশেষে একত্রিত হ’ব লাগে। জাতি-জনগোষ্ঠী নিৰ্বিশেষে উত্তৰ-পূৱৰ জনসাধাৰণ একত্রিত হ’ব লাগে।

” অংকিতা কোঁৱৰৰ মনোভাৱক একে মুখে শলাগিছে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস লক্ষ্মীন্দ্ৰ সিংহ, গাৰো সাহিত্য সভাৰ সভাপতি সৰোজ চাংমা, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড০ মলিনা দেৱী ৰাভা, গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচচিয়েছনৰ সচিব প্ৰধান জিতেন পায়েং, অসম কবি সমাজৰ প্ৰাক্তন সভাপতি ৰমেন কলিতা, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, বঙাইগাঁৱৰ অভয়াপুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপিকা ড০ মৰমী বৰঠাকুৰ তালুকদাৰ, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী মহানগৰ কমিটিৰ সভাপতি নিশুতি মজুমদাৰ, গুৱাহাটী মহানগৰ কবি কাননৰ সভাপতি কমলজিৎ কলিতা, অসম শিশু সাহিত্য সমাজৰ সহ: সম্পাদক প্ৰদীপ নাৰায়ণ ভট্ট, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, জ্ঞান মঞ্জুৰী আলোচনা চক্ৰ , মৰিগাঁৱৰ সভাপতি হৰেন্দ্ৰ বৰা – সম্পাদক জ্যোতিষ বৰ্মন, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, বঙৰা আঞ্চলিক মঞ্চৰ সভাপতি গৌৰীকান্ত নাথ, শ্রীমন্ত শংকৰদেৱ সংঘৰ ৰামপুৰ প্ৰাথমিক শাখাৰ উপ- সভাপতি জৱাহৰ মেধি, পৰাগজ্যোতি প্ৰকাশন প্ৰভৃতি দল-সংগঠনে।

You May Also Like

More From Author