সর্বাত্মক বন্ধত স্তব্ধ বৰাকৰ জনজীৱন; ৰাজপথত জ্বলিল টায়াৰ

0 min read

কাছাৰৰ লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তই চলোৱা আক্রমণৰ ঘটনাৰ প্রতিবাদত আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ সর্বাত্মক প্রভাৱ পৰিলক্ষিত হয় বৰাক উপত্যকাত৷ বৰাক ডেম’ক্রেটিক ফ্রণ্টে আহ্বান জনোৱা এই বন্ধৰ পৰিপ্রেক্ষিতত উপত্যকাটোৰ তিনিওখন জিলা ক্রমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ জনজীৱন স্তব্ধ হৈ পৰে৷ পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ তিনিওখন জিলাতে সকলো দোকান–পোহাৰ, হাট–বজাৰ, চৰকাৰী–বেচৰকাৰী কার্যালয় আদি সম্পূর্ণৰূপে বন্ধ থাকে৷

ফ্রণ্টে আগবঢ়োৱা এই বন্ধলৈ এ আই ইউ ডি এফ, কাছাৰ ফুডগ্রেইন মার্চেণ্ট এছ’চিয়েচন, আকছা, কৃষক মুক্তি, সদৌ অসম বাঙালী সুৰক্ষা মঞ্চসহ বিভিন্ন দল–সংগঠনে সমর্থন আগবঢ়াইছিল৷ অৱশ্যে আজিৰ এই বন্ধৰ সময়ছোৱাত জিলাকেইখনত কোনোধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত হোৱা নাই বুলি জানিব পৰা গৈছে৷ ইয়াৰ মাজতে বন্ধ সমর্থকসকলে ৰাষ্ট্রীয় ঘাইপথত টায়াৰ জ্বলাই বিক্ষোভ প্রদর্শন কৰে৷ সর্বাত্মক বন্ধ পালন কৰাৰ বাবে বৰাকবাসীক ধন্যবাদ জ্ঞাপন কৰে ডেম’ক্রেটিক ফ্রণ্টৰ মুখ্য আহ্বায়ক প্রদীপ দত্ত ৰয়ে৷

এই প্রসংগত তেওঁ কয়– ‘অসম–মিজোৰামৰ মাজত সীমান্তক লৈ চলি অহা সংঘর্ষ বহুদিনীয়া৷ এই সমস্যাৰ স্থায়ী সমাধান নোহোৱাৰ ফলত বাৰম্বাৰ উত্তেজনা আৰু সংঘর্ষৰ সৃষ্টি হৈছে৷ ফলত অসম আৰক্ষীৰ ৬জনকৈ জোৱানে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ স্থানীয় বহু লোকেও হেৰুৱাবলগীয়া হৈছে জীৱন৷’ সেয়েহে এই সমস্যাৰ স্থায়ী সমাধানৰ জৰিয়তে সীমা বিবাদ দূৰ কৰিবলৈ তেওঁ আহ্বান জনায়৷ আনহাতে ডেম’ক্রেটিক ফ্রণ্টৰ মিডিয়া ইনচার্জ জয়দীপ ভট্টাচার্যই কয় যে কেন্দ্রীয় চৰকাৰে উচ্চ পর্যায়ৰ এটা দল অশান্ত অঞ্চললৈ প্রেৰণ কৰিব লাগে৷ এই প্রতিনিধি দলে দুয়োখন ৰাজ্যৰ সৈতে কথা–বতৰা পাতি সীমা বিবাদৰ স্থায়ী সমাধান কৰা উচিত৷

You May Also Like

More From Author