ডাক্তৰে লিখা প্ৰেছক্ৰিপচন পঢ়িবলৈ এতিয়াৰে পৰা আৰু নহয় সমস্যা ! গুগলে দিব সমাধান…কিন্তু কেনেকৈ?

ডাক্তৰে লিখা প্ৰেছক্ৰিপচন পঢ়িবলৈ এতিয়াৰে পৰা আৰু নহয় সমস্যা ! গুগলে দিব সমাধান…কিন্তু কেনেকৈ?
আপুনি যিমানেই শিক্ষিত নহওক কিয়, ডাক্তৰৰ হাতৰ আখৰ পঢ়াটো অসম্ভৱ। কেৱল মেডিকেল ষ্ট’ৰে বুজিব পাৰে বা ডাক্তৰে নিজেই বুজিব পাৰে ডাক্তৰৰ হাতৰ আখৰ। আপোনাৰ আৰু আমাৰ দৰে মানুহৰ বাবে ডাক্তৰৰ লিখনি পঢ়িবলৈ বৰ কষ্টকৰ। অৱশ্যে যেতিয়া গুগল বাবা থাকে তেতিয়া কি চিন্তা কৰিব লাগে। এতিয়ালৈকে গুগলে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিছে যদিও এতিয়া নতুন বৈশিষ্ট্যৰে এই সমস্যা সমাধান কৰিবলৈও সাজু হৈছে। এতিয়া ডাক্তৰে লিখা প্ৰেছক্ৰিপচন পঢ়িবলে আপোনাৰ কোনো সমস্যা নহ’ব, কাৰণ গুগলে ইয়াৰ সমাধান বিচাৰি পাইছে।
এতিয়া গুগলে চিকিৎসকৰ হাতৰ আখৰ ডিকোড আৰু অনুবাদত সহায় কৰিব। প্ৰতিবেদন অনুসৰি গুগলে ঘোষণা কৰিছে কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিং মডেল যিয়ে হাতেৰে লিখা
কঠিন প্ৰেছক্ৰিপচন পঢ়িব পাৰে আৰু উজ্জ্বল কৰি তুলিব পাৰে। বৰ্তমান ইয়াৰ বাবে কাম চলি আছে আৰু ইয়াক অতি সোনকালে ৰোল আউট কৰা হ’ব।
কোম্পানীটোয়ে গুগল লেন্সৰ সহায়ত ডাক্তৰৰ বেয়া হাতৰ আখৰৰ ডিকোডিং সক্ষম কৰিবলৈ ওলাইছে, অৰ্থাৎ স্মাৰ্টফোনৰ পৰা ডাক্তৰে লিখা প্ৰেছক্ৰিপচনৰ ফটো এখনহে ল’ব লাগিব বা স্কেন কৰিব লাগিব আৰু গুগল লেন্সে স্পষ্টকৈ হাইলাইট কৰিব ।
গুগল লেন্স কি ?
গুগল লেন্স হৈছে এআই(AI) চালিত বহুমুখী বস্তু চিনাক্তকৰণ সঁজুলি যাৰ সহায়ত বস্তু ধৰা পেলোৱা আৰু ভাষা অনুবাদ কৰিব পাৰি। গুগল কোম্পানীৰ তথ্য অনুসৰি ভাৰতে বিশ্বৰ ভিতৰতে সৰ্বাধিক গুগল লেন্স ব্যৱহাৰ কৰি আহিছে।

GTM Desk

Related