ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন…আশীষ বিচাৰি মন্দিৰত ভক্তৰ ভিৰ

0 min read

আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। ২০২০ বৰ্ষটো সকলোৱে অভিশপ্ত বুলি অভিহিত কৰিছে। বছৰটোৰ আৰম্ভণিৰ পৰাই নান ধৰণৰ কাৰ্যপন্থাই অশান্তি কৰি তুলিছিল। ইয়াৰ বিপৰীতে ২০২১ বৰ্ষটো যেন সকলোৰে বাবে মংগলময় হয় সমৃদ্ধি হয় তাৰেই কামনাৰে সকলোয়ে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

ৰাজ্যৰ লগতে মহানগৰীৰ বিভিন্ন মন্দিৰত ভক্তৰ লানি নিছিগা সোঁত। সিদ্ধিবিনায়ক গণেশ মন্দিৰকে ধৰি প্ৰায় সকলো মন্দিৰতে ভক্তৰ ভিৰ। প্ৰতিজন লোকে মনত ভাৱি ৰখা কামনাবোৰ ভগৱানে যাতে পূৰ্ণ কৰে নিজৰ লগতে সমাজৰ দেশৰ বিশ্বৰ প্ৰতিজনলোকৰ জীৱনলৈ নামি আহক আনন্দৰ বন্যা। তাৰেই কামনাৰ এগচি বন্তি জ্বলাইছে ভগৱানৰ শ্ৰীচৰণত।

এই বৰ্ষটো সকলোৰে বাবে আনন্দৰ হওঁক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা সকলোলৈ। ৰাজ্যবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You May Also Like

More From Author