দহ দিন ধৰি নিখোজ ধেমাজিৰ চৌখাম গাঁৱৰ বোৱাৰী !

দহ দিন ধৰি নিখোজ ধেমাজিৰ চৌখাম গাঁৱৰ বোৱাৰী !

ধেমাজি চৌখাম গাঁৱৰ এগৰাকী বোৱাৰী বিগত দহ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । বোৱাৰী গৰাকী হৈছে চৌখাম গাঁৱৰ অমৃত বৰা নামৰ লোকজনৰ পত্নী তৰা মিলি বৰা । দৈনিক কাম কৰি পৰিয়াল চলোৱা অমৃত বৰাই আন দিনাৰ দৰে যোৱা ২০ মাৰ্চৰ পুৱাই কামলৈ ওলাই যায় ।

দুপৰীয়া কামৰ পৰা ঘূৰি আহি পত্নীক ঘৰত নেদেখি কাষতে থকা পৰিয়ালৰ লোকক সোধাত ধেমাজিৰে বঙালমাৰীত থকা মাকৰ ঘৰলৈ ওলাই গৈছে বুলি কৈ যোৱাৰ কথা কয় ।পূৰ্বৰ কোনো আলোচনা নোহোৱাকৈ মাকৰ ঘৰলৈ যোৱাত সন্দেহ ওপজে অমৃতৰ আৰু শহুৰেকৰ ঘৰত খবৰ কৰি তালৈ নাই যোৱা বুলি জানি সাম্ভাব্য সকলো স্থানতে খবৰ কৰে যদিও একো সম্ভেদ নোপোৱাত ধেমাজি আৰক্ষীৰ ওচৰত নিৰুদ্দেশৰ জাননী দিয়ে । যদি কোনো লোকে মহিলাগৰাকীৰ সম্ভেদ পায় তেন্তে ওচৰৰ আৰক্ষীক খবৰ দিবলৈ আহ্বান জনাইছে অমৃতৰ পৰিয়ালৰ লোকে ।

GTM Desk

Related