22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

কিদৰে সম্ভৱ : নৃশংসতাৰ পিছত স্বাভাৱিক জীৱন কটাইছিল ঘাতক বন্দনাই

Assamese Newsকিদৰে সম্ভৱ : নৃশংসতাৰ পিছত স্বাভাৱিক জীৱন কটাইছিল ঘাতক বন্দনাই

গুৱাহাটীৰ শিহৰণকাৰী হত্যাকাণ্ডই সকলোৰে অন্তৰ কঁপাই তুলিছে৷ কিন্তু নৃশংস হত্যাকাণ্ডৰ পিছতো অনুশোচনাত ভোগা নাছিল লেডী ঘাতক বন্দনা৷ স্বামী–শাহুক নৃশংস হত্যা কৰি বন্দনাই তাৰ পিছতো অতিবাহিত কৰিছিল স্বাভাৱিক জীৱন৷ স্বামী–শাহুক হত্যা কৰাৰ পিছতো পৰিয়ালসহ বিভিন্ন ঠাই ভ্রমণ কৰিছিল বন্দনাই৷ পাপ মোচনৰ বাবে দর্শন কৰিছিল ৰাজ্যৰ একাধিক ধর্মীয় স্থান, শক্তিপীঠ কামাখ্যাত দিছিল ছাগলী বলি৷ নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰিছিল পৰিয়ালৰ সৈতে কৰা অৱসৰ বিনোদনৰ মুহূর্তবোৰ৷ সাধাৰণতে ফেচবুকত প্রত্যেক দিনাখনেই সক্রিয় হৈ থকা বন্দনাই ২৬ জুলাইত প্রথম হত্যাকাণ্ডটো সংঘটিত কৰাৰ পিছত ১৩ আগষ্টলৈকে প্রায় ১৭ দিন আঁতৰি আছিল ফেচবুকৰ পৰা৷ তাৰ পিছত ১৫ আগষ্টৰ দিনা বন্ধু–বান্ধৱীৰ সৈতে স্বাধীনতা দিৱসৰ এক কার্যসূচীত অংশ লৈছিল বন্দনাই৷ তাৰ দুদিন পিছতে ১৭ আগষ্টত দ্বিতীয়টো হত্যাকাণ্ড সংঘটিত কৰিছিল লেডী ঘাতকগৰাকীয়ে৷ পূর্বৰ দৰেই পুনৰ আঠদিন ফেচবুকৰ মজিয়ালৈ অহা নাছিল বন্দনাই৷ দিয়া নাছিল কোনোধৰণৰ আপডেট৷ ২৫ আগষ্টত সাধাৰণ ভিডি’ এটা শ্বেয়াৰ কৰা বন্দনাই ক্রমাৎ যেন স্বাভাৱিক হ’বলৈকে বিচাৰিছিল৷ সেয়ে ২৫ ছেপ্টেম্বৰত দুৰন্ত স্প’টছ ক্লাবে আয়োজন কৰা মহালয়া বিশেষ দৌৰত অংশ লৈছিল বন্দনাই৷ ইয়াৰ মাজতে ২৮ ছেপ্টেম্বৰত দিল্লীত ফিটনেছ ট্রেইনাৰৰ পৰীক্ষা দিবলৈ বিমানেৰে গুৱাহাটীৰ পৰা ৰাওনা হৈছিল বন্দনাই৷ ২৮, ২৯ ছেপ্টেম্বৰত দিল্লীত কটাই পুনৰ গুৱাহাটীলৈকে উভতি অহা বন্দনাই ৩ অক্টোবৰত ধাৰাপুৰৰ পিতৃৰ মূলগৃহলৈ ৰাওনা হৈছিল৷ ধাৰাপুৰত পৰিয়ালৰ সৈতে শাৰদীয় দুর্গোৎসৱৰ বিভিন্ন কার্যসূচীত অংশ লৈ ৭ অক্টোবৰত পুনৰ গুৱাহাটীলৈ উভতিছিল৷ ৮ অক্টোবৰৰ পৰা নিজৰ পিতৃ–মাতৃ আৰু অবৈধ প্রেমিক ধনটি ডেকাৰ অভিভাৱকক লগত লৈ দীঘলীয়া অৱসৰ বিনোদনৰ বাবে গৈছিল বন্দনাই৷ বৰপেটা সত্র আৰু সৰভোগৰ গৰখীয়া গোসাঁইৰ থান দর্শন কৰি মানাহ ৰাষ্ট্রীয় উদ্যান অভিমুখে পৰিয়ালৰ সৈতে গৈছিল বন্দনাই৷ দুটা ভয়ানক কাণ্ড সংঘটিত কৰিও কোনোধৰণৰ অনুশোচনাত নোভোগা বন্দনাই জীৱনটোৰ প্রত্যেক দিনেই যেন উদযাপনৰ দিন হিচাপে গণ্য কৰিছিল৷ সেয়ে তাৰ পিছতো বন্ধুবর্গৰ সৈতে প্রমোদ ভ্রমণ আৰু ডিচেম্বৰত পুনৰ কামাখ্যা দর্শন কৰিছিল বন্দনাই৷ জানুৱাৰীত পুনৰ কামাখ্যা দর্শন কৰি আশিস লৈছিল বন্দনাই৷ ছেপ্ঢেম্বৰৰ পৰা জানুৱাৰীপর্যন্ত কৰা কার্যকলাপসমূহ সঘনাই আপলোড কৰিছিল নিজৰ ফেচবুক পেজত৷ আৰক্ষীয়ে বর্তমান বন্দনাৰ ফেচবুক প্রফাইল পৰীক্ষা কৰি এই সাত মাহ সময়ছোৱাত কি ধৰণৰ কার্যকলাপত বন্দনাই জড়িত হৈছিল সেয়া তদন্ত কৰি আছে৷ হত্যাকাণ্ডটো সফল কৰাৰ ক্ষেত্রত দুই সহযোগীৰ বাদেও আৰু কোনোবাৰ সহায় লৈছিল নেকি, সেয়াও তদন্ত কৰি আছে আৰক্ষীয়ে৷ মন কৰিবলগীয়া যে হত্যাকাণ্ড এটা সংঘটিত কৰাৰ পিছত যিমানেই খামি ডাঠ মানুহ নহওক কিয়, এটা সুস্থিৰ মন লৈ থাকিব নোৱাৰে৷ কিন্তু স্বামী–শাহুক নৃশংসভাৱে হত্যা কৰাৰ পিছতো কিদৰে বন্দনাই এই মুহূর্তলৈকে স্বাভাৱিক হৈ আছে সেয়া তদন্তকাৰী আৰক্ষীৰ বাবেও এতিয়া বিস্ময়ত পৰিণত হৈছে৷ কাৰাগাৰত থকা সময়তো বন্দনাৰ মুখমণ্ডলত তিলমাত্রও অনুশোচনা অথবা ভয়ৰ চিন নেদেখি মহিলা আৰক্ষীয়েও স্তম্ভিত হৈ পৰিছে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!