21.9 C
Assam
Saturday, April 1, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

গোপন অংগত স্পর্শ কৰিছিল পৃথ্বিয়ে! জে’লৰ পৰা ওলায়েই ওলোটা সুৰ স্বপ্নাৰ

Assamese Newsগোপন অংগত স্পর্শ কৰিছিল পৃথ্বিয়ে! জে’লৰ পৰা ওলায়েই ওলোটা সুৰ স্বপ্নাৰ

পৃথ্বি শ্বক প্রহাৰ কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰা হয় এগৰাকী ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ আৰু অভিনেত্রীক৷ জামিন লাভ কৰাৰ পিছত ওলোটাই পৃথ্বিৰ বিৰুদ্ধেই শ্লীলতাহানিৰ অভিযোগ কৰে স্বপ্না গিল নামৰ ভোজপুৰী অভিনেত্রীগৰাকীয়ে৷ সোমবাৰে মুম্বাই থানালৈ গৈ পৃথ্বি শ্বৰ বিৰুদ্ধে অভিযোগ তুলি স্বপ্ণাই কয় যে ক্রিকেটাৰগৰাকীয়ে তেওঁৰ শৰীৰৰ গোপন অংগত স্পর্শ কৰিছিল৷

অভিনেত্রীগৰাকীয়ে ক্রিকেটাৰগৰাকীৰ বিৰুদ্ধে শ্লীলতাহানিৰ অভিযোগ তুলি গোচৰো ৰুজু কৰিছে৷ উল্লেখ্য যে ছেলফি উঠিবলৈ সন্মত নোহোৱা বাবে পৃথ্বিক আক্রমণ কৰা বুলি স্বপ্নাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল ভাৰতীয় ক্রিকেটাৰগৰাকীয়ে৷ ইয়াৰ বিপৰীতে স্বপ্নাৰ দাবী তেওঁ ক্রিকেটাৰগৰাকীক চিনি নাপায়৷ বন্ধুৰ বাবেহে ছেলফি তুলিবলৈ গৈছিল তেওঁ৷ সেই সময়ত নিচাসক্ত অৱস্থাত স্বপ্ণাৰ শ্লীলতা হানি কৰে পৃথ্বিয়ে৷ তেওঁৰ শ্লীলতা হানি কৰাৰ উপৰি স্বপ্নাৰ বন্ধুৰ ফোন কাঢ়ি নি পৃথ্বিয়ে ভাঙি পেলোৱা বুলিও অভিযোগ কৰে৷ তদুপৰি স্বপ্নাই ধন দাবী কৰাৰো অভিযোগ কৰে পৃথ্বিয়ে৷

ইপিনে, স্বপ্নাৰ দাবী ‘মই কিয় টকা বিচাৰিম? দুটা ৰীল বনালেই ইয়াতকৈ বেছি টকা আয় কৰিব পাৰোঁ৷’ উল্লেখ্য যে স্বপ্না গিল আৰু তেওঁৰ বন্ধুৱে পৃথ্বিক লাঠীৰে প্রহাৰ কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল৷ ইয়াৰ পিছতে পৃথ্বিৰ বন্ধুৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছিল স্বপ্নাসহ ৮জন বন্ধুক৷ তিনি দিন জে’ল হেফাজতত থকাৰ পিছত কালি মুক্তি লাভ কৰে স্বপ্নাই৷ তাৰ পিছতে ভাৰতীয় ক্রিকেটাৰগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে তেওঁ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!