Advertisement

অসমত ডাবল মিউটেট ক’ৰোনা ভাইৰাছ, কি এই ডাবল মিউটেট ভাইৰাছ?

অসমত ডাবল মিউটেট ক’ৰোনা ভাইৰাছ, কি এই ডাবল মিউটেট ভাইৰাছ?

ইউ কে ভেৰিয়েণ্টৰ ক’ভিডৰ পিছত অসমত ওলাইছে ডাবল মিউটেট ক’ভিড ভাইৰাছ। ডিব্ৰুগড় বিমান বন্দৰত কৰা ক’ভিড টেষ্টত এগৰাকী ৰোগীৰ দেহত ধৰা পৰে এই প্ৰকাৰৰ নতুন ক’ৰোনা ভাইৰাছ।

আজি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে উল্লেখ কৰে। ভাৰতত ইতিমধ্যে ডাবল মিউটেট প্ৰকাৰৰ ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পেলোৱা হৈছিল যদিও অসমত প্ৰথমবাৰৰ বাবে ধৰা পৰে ডিব্ৰুগড় বিমান বন্দৰত।

গুৰুত্বপূৰ্ণ কথা এয়াই যে এই ডাবল মিউটেট প্ৰকাৰৰ ভাইৰাছবিধ দ্ৰুত সংক্ৰামক, যাৰ বাবে ভাৰতত ক’ৰোনাৰ প্ৰকোপ হঠাতে দ্ৰুত হাৰত বৃদ্ধি পোৱা বুলি বিশেষজ্ঞসকলে ক’ব খোজে।

কি এই ডাবল মিউটেট ভাইৰাছ

জীৱবিজ্ঞানৰ ভাষাত মিউটেচন হৈছে একপ্ৰকাৰৰ পৰিৱৰ্তন। পূৰ্বৰ ক’ৰোনা ভাইৰাছৰ পৰা পৰিৱৰ্তন বা মিউটেচনৰ বাবে E484Q নামৰ নতুন প্ৰকাৰৰ আৰু ইয়াৰ পিছত আন L452R নামৰ প্ৰকাৰৰ মিউটেটৰ জন্ম হৈছে।

এতিয়া এই দুয়োটা মিউটেট থকা নতুন ক’ৰোনা ভাইৰাছক কোৱা হৈছে B.1.617 বা ডাবল মিউটেট ভাইৰাছ। এই ভাইৰাছ অত্যন্ত সংক্ৰমণশীল। কিন্তু ই পূৰ্বৰ ক’ৰোনা ভাইৰাছতকৈ অতি প্ৰাণনাশক নহয় যদিও শাৰীৰিক দুৰ্বলতাৰ সুযোগ বুজি ই ঘাতক ৰূপে উদ্ভাসিত হ’ব পাৰে। বিপদ এয়াই যে ই দ্ৰুত সংক্ৰমণশীল।

Shahnawaz Hamza