fbpx
April 22, 2021

পৰীক্ষা স্থগিতৰ দাবীত কটন, গুৱাহাটী বিশ্ববিঃৰ শিক্ষার্থীৰ প্রতিবাদ

ৰাজ্যত ক’ভিডৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ ক’ভিডৰ আগ্রাসী ৰূপে ৰাজ্যত জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ এনে আতংকময় পৰিস্থিতিৰ মাজতে কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে বিভিন্ন বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰাত তীব্র বিৰোধিতা কৰিছে বিশ্ববিদ্যালয় দুখনৰ শিক্ষার্থীসকলে৷ বিশেষকৈ কটন বিশ্ববিদ্যালয়ে অহা ২৩ এপ্রিলৰ পৰা স্নাতক প্রথম বর্ষৰ প্রথম ষাণ্মাসিকৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱাৰ বিৰুদ্ধে বুধবাৰে কটনিয়ান জাগৰণ মঞ্চ আৰু সদৌ অসম ছাত্র সন্থাৰ কটন বিশ্ববিদ্যালয় গোটে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ কার্যালয় আৰু মূল প্রৱেশ পথত প্রতিবাদ সাব্যস্ত কৰে৷

শিক্ষার্থীসকলে ‘ছেভ দ্য ষ্টুডেণ্টছ, ছেভ দ্য ফিউচাৰ, উই ডু নট ৱাণ্ট টু ডাই, ইমিডিয়েট অফলাইন এগ্জাম ইছ নট এন অপচন, এগ্জাম ইন ক’ভিড ইজ ছুইচাইড’ আদি শ্লোগান লিখা প্লেকার্ড হাতে হাতে লৈ প্রতিবাদ সাব্যস্ত কৰে৷ কটনিয়ান জাগৰণ মঞ্চৰ সভাপতি প্রতীমৰাজ মিলি, সাধাৰণ সম্পাদক হূষীকেশ মেধি, ছাত্র সন্থাৰ কটন বিশ্ববিদ্যালয় গোটৰ সভাপতি হূষীকেশ দত্ত, সাধাৰণ সম্পাদক প্রাঞ্জল সোণোৱাল আদিৰ নেতৃত্বত শিক্ষার্থীসকলে ক’ৰোনা মহামাৰীৰ দ্বিতীয় ঢৌৱে ৰাজ্যত এক ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়ত বিশ্ববিদ্যালয় কর্তৃপক্ষই শিক্ষার্থীসকলৰ স্বাস্থ্যৰ দিশটো গুৰুত্বসহকাৰে বিবেচনা নকৰাকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্ত কোনো কাৰণতে গ্রহণযোগ্য হ’ব নোৱাৰে বুলি মন্তব্য কৰে৷

শিক্ষার্থীসকলে বিশ্ববিদ্যালয়লৈ উভতি আহিবলৈ শংকাবোধ কৰাৰ লগতে অভিভাৱকসকলেও পঠিয়াবলৈ অসন্মতি প্রকাশ কৰিছে বুলিও প্রতিবাদকাৰী শিক্ষার্থীসকলে মন্তব্য কৰে৷ এনে পৰিপ্রেক্ষিতত অহা ২৩ এপ্রিলৰ পৰা অনুষ্ঠিত হ’ব লগা অফলাইন পৰীক্ষা স্থগিত ৰাখি পূর্বসূচীমতে অনলাইন পৰীক্ষা পতাৰ ব্যৱস্থা কৰিবলৈ শিক্ষার্থীসকলে দাবী জনায়৷ এই দাবীৰ সমর্থনত দুয়োটা সংগঠনে প্রতিবাদী কার্যসূচী অনুষ্ঠিত কৰাৰ কিছু সময় পিছতে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কক স্মাৰক–পত্র প্রদান কৰে৷ ইফালে আইন বিভাগৰ লগতে বিভিন্ন বিভাগৰ পৰীক্ষা হয় যদি স্থগিত ৰখা নহয় অফলাইনযোগে অনুষ্ঠিত কৰাৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয়তো বহুসংখ্যক ছাত্র–ছাত্রীয়ে বুধবাৰে প্রতিবাদ সাব্যস্ত কৰে৷ লগতে অফলাইনৰ পৰিৱর্তে অনলাইনযোগে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনায়৷ এই সন্দর্ভত সদৌ অসম আইন ছাত্র সন্থাৰ উপ–সভাপতি দেৱাশিস মেধি, সাংগঠনিক সম্পাদক আব্দুল হুদাই কয়– ক’ৰোনাৰ বিভীষিকাৰ পৰা ৰক্ষা পাবলৈ অসম তথা কেন্দ্রীয় চৰকাৰে বিভিন্ন নির্দেশাৱলী জাৰি কৰিছে৷ তেনে সময়ত বিশ্ববিদ্যালয় কর্তৃপক্ষই আইনকে ধৰি বিভিন্ন পৰীক্ষা শাৰীৰিকভাৱে অনুষ্ঠিত কৰাৰ হঠকাৰী সিদ্ধান্ত লৈছে৷ পৰীক্ষাৰ ৮ দিন আগত ৰুটিন দি বিশ্ববিদ্যালয় কর্তৃপক্ষই পৰীক্ষা অনুষ্ঠিত কৰিব খুজিছে৷ ক’ভিড সংক্রমণ বৃদ্ধি হোৱাৰ মাজতে পঢ়িবলৈ সময় নিদিয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰিলে শিক্ষার্থীসকলে মুঠেও ভালকৈ পৰীক্ষা দিব নোৱাৰে৷ গতিকে বিশ্ববিদ্যালয় কর্তৃপক্ষই হয় পৰীক্ষা স্থগিত ৰাখি পঢ়িবলৈ সময় দিয়ক, নহ’লে সুৰক্ষিত স্বাস্থ্যৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি অনলাইন পৰীক্ষা অনুষ্ঠিত কৰক৷

error: Content is protected !!
%d bloggers like this: