ক’ভিড: বুধবাৰে ৫গৰাকীৰ মৃত্যু, ১,৬৬৫গৰাকী আক্রান্ত, গুৱাহাটী মহানগৰীত ৬৭৪ পজিটিভ

0 min read

সমগ্র্র দেশৰ লগতে অসমতো ক’ভিডৰ সংক্রমণে ভয়ানক ৰূপ ধাৰণ কৰিছে৷ বুধবাৰৰ দিনটোত ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ ৫গৰাকী লোক মৃত্যুমুখত পৰাৰ লগতে নতুনকৈ ১,৬৬৫গৰাকী লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে৷

ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি বুধবাৰৰ দিনটোত ৰাজ্যখনত ৫গৰাকী ক’ভিড ৰোগী মৃত্যুমুখত পৰে৷ ইয়াৰে দুগৰাকী ডিব্রুগড় জিলাৰ আৰু এগৰাকীকৈ বৰপেটা, কাছাৰ আৰু কামৰূপ (মহানগৰ) জিলাৰ৷ সেইদৰে বুধবাৰৰ দিনটোত ৰাজ্যখনত ১,৬৬৫গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ বুধবাৰৰ দিনটোত মুঠ ৬২,১০৭গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷

দিনটোত আক্রান্তৰ হাৰ ২.৬৮ শতাংশ৷ বুধবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত ৬৭৪গৰাকী গুৱাহাটী মহানগৰীৰ৷ সেইদৰে কামৰূপ জিলাৰ ১২৫, নগাঁও জিলাৰ ৭৪ আৰু ডিব্রুগড় জিলাৰ ৬৭গৰাকী লোক আক্রান্ত হৈছে৷ আনহাতে, বুধবাৰৰ দিনটোত সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ২৯৭গৰাকী লোকে হাস্পতালৰ পৰা ৰিলিজ লাভ কৰিছে৷

বর্তমান ৰাজ্যখনত ৯,০৪৮গৰাকী সক্রিয় ক’ভিড ৰোগী আছে৷ আনহাতে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি যোৱা ১২ এপ্রিলৰ পৰা বুধবাৰলৈকে ৰাজ্যখনত জিলাভিত্তিত ক’ভিডত আক্রান্ত লোকৰ সংখ্যা এনেধৰণৰ– কামৰূপ (ম) ৩,৭৫৫, কামৰূপ ৬১৯, ডিব্রুগড় ৫৫৯, শোণিতপুৰ ৩৫৮, নগাঁও ৩৫৬, তিনিচুকীয়া ২৮১, যোৰহাট ২৭৫, বৰপেটা ২৩২, কাছাৰ ২২১, কার্বি আংলং ২১৬, গোলাঘাট ১৬৯, দৰং ১৬০, হোজাই ১৬০, বঙাইগাঁও ১৫৮, নলবাৰী ১৪৩, শিৱসাগৰ ১৩০, মৰিগাঁও ১২৫, কৰিমগঞ্জ ১১৯, গোৱালপাৰা ১১৪, কোকৰাঝাৰ ১১১, ধেমাজি ১০০, চিৰাং ৭৫, লখিমপুৰ ৭৫, ধুবুৰী ৬০, বিশ্বনাথ ৫৩, ওদালগুৰি ৪৮, বাক্সা ৪৫, চৰাইদেউ ৩২, ডিমা হাছাও ২৬, দক্ষিণ শালমাৰা ১১, হাইলাকান্দি ৯, মাজুলী ৪ আৰু পশ্চিম কার্বি আংলং ২৷

You May Also Like

More From Author