গোলাঘাটত চাৰি কিলোমিটাৰজোৰা বিশাল পদযাত্রাৰে ড০ শর্মাৰ নির্বাচনী ৰণডংকা

গোলাঘাটত চাৰি কিলোমিটাৰজোৰা বিশাল পদযাত্রাৰে ড০ শর্মাৰ নির্বাচনী ৰণডংকা

মনোনয়ন–পত্র দাখিলৰ দিনটোত গোলাঘাট বিধানসভা সমষ্টিত শাসকীয় মিত্রজোঁটক নেতৃত্ব দিয়া বিজেপি আৰু বিৰোধী কংগ্রেছে সোমবাৰে পৃথকে পৃথকে প্রদর্শন কৰিলে শক্তি৷ দলীয় প্রার্থী অজন্তা নেওগক সংগ দি বিত্তমন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই প্রায় চাৰি কিলোমিটাৰজোৰা বিশাল পদযাত্রাৰে কার্যতঃ গোলাঘাট জিলাত নির্বাচনী ৰণডংকা বজায়৷ উল্লেখ্য যে গোলাঘাট বিধানসভা সমষ্টিৰ বিজেপি প্রার্থী অজন্তা নেওগে হাজাৰ হাজাৰ দলীয় নেতা–কর্মী–সমর্থক লগত লৈ জিলা উপায়ুক্তৰ কার্যালয়ত মনোনয়ন–পত্র দাখিল কৰে৷ এৰেঙাপাৰস্থিত নিজ বাসগৃহৰ পৰা ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাক লগত লৈ বিশাল সমদলেৰে আগবাঢ়ে অজন্তা নেওগ৷ এই সময়ছোৱাত সমদলকাৰীসকলে অজন্তা নেওগ তথা বিজেপিৰ সমর্থনত দিয়া বিভিন্ন নির্বাচনী শ্লোগানেৰে মুখৰিত হৈ পৰে সমগ্র গোলাঘাট চহৰ৷ মনোনয়ন–পত্র দাখিল কৰাৰ পাছতে হেলিকপ্টাৰেৰে গোলাঘাটত উপস্থিত হয় বিত্তমন্ত্রী ড০ শর্মা৷

হেলিকপ্টাৰৰ পৰা নামিয়েই তেওঁ চাৰি কিলোমিটাৰজোৰা এক বিশাল পদযাত্রাত অংশগ্রহণ কৰে৷ বিত্তমন্ত্রী ড০ শর্মাৰ লগতে দলীয় প্রার্থী অজন্তা নেওগ আৰু বিজেপিৰ হাজাৰ হাজাৰ নেতা–কর্মী পদব্রজে আগবাঢ়ে৷ এই সময়ছোৱাত পথৰ দুয়োকাষে ৰৈ থকা অসংখ্যজনে বিত্তমন্ত্রী ড০ শর্মাক গামোচা পিন্ধাই সম্ভাষণ জনায়৷ ইয়াৰ মাজতে বিত্তমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰে হোৱা বার্তালাপত গোলাঘাট জিলাৰ পাঁচোটা সমষ্টিয়েই এইবাৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটে লাভ কৰিব বুলি দাবী কৰে৷ তেওঁ কয় যে বর্তমান কংগ্রেছৰ মহাজোঁটত মহাজঁট লাগিছে৷ তেওঁলোক এনেকৈয়ে থাকি যাব৷ কংগ্রেছ প্রার্থী বিতোপন শইকীয়াৰ মনোনয়ন দাখিলৰ সময়ত সাংসদ গৌৰৱ গগৈ আৰু প্রাক্তন মন্ত্রী ৰকিবুল হুছেইন হাতীৰ পিঠিত উঠি অহা সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি বিত্তমন্ত্রী ড০ শর্মাই কয় যে হাতী মানে ভগৱান৷ হাতীক আমি প্রণামহে কৰিব লাগে৷ মনোনয়ন–পত্র দাখিল কৰিবলৈ হাতীৰ পিঠিত উঠিব লাগেনে নাজানো৷ কিন্তু মই হাতী দেখা পোৱা হ’লে ভৰি চুই সেৱাহে কৰিলোঁহেঁতেন৷

শেহতীয়াকৈ কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা আৰু গোলাঘাটত দলীয় প্রার্থিত্ব লাভ কৰা অজন্তা নেওগে আগন্তুক নির্বাচনত নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰে৷ তেওঁ কয় যে বিজেপিৰ মিছন ১০০ প্লাছত ময়ো অংশীদাৰ হ’ম৷ অৱশ্যে গোলাঘাটবাসীৰ আশীর্বাদ অবিহনে একো সম্ভৱ নহয়৷ ইফালে, আজি মনোনয়ন–পত্র দাখিলৰ সময়ত কংগ্রেছ প্রার্থী বিতোপন শইকীয়ায়ো প্রায় পাঁচ কিলোমিটাৰজোৰা এক শোভাযাত্রা উলিয়ায়৷ ৰাঙলী আইদেউ মৈদামৰ কাষৰ খেলপথাৰৰ পৰা উলিওৱা এই শোভাযাত্রাটো গোলাঘাট নগৰৰ মাজমজিয়াৰ যদুনাথ শইকীয়া উদ্যানৰ সমীপত উপস্থিত হোৱাৰ পাছত হাতীৰ পিঠিত উঠি প্রার্থী বিতোপন শইকীয়া আগবাঢ়ে উপায়ুক্ত কার্যালয়লৈ৷ বিতোপন শইকীয়াৰ লগত হাতীত উঠি যায় সাংসদ গৌৰৱ গগৈ আৰু প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনো৷ উপায়ুক্তৰ কার্যালয়ত উপস্থিত হোৱাৰ পাছতে কংগ্রেছ প্রার্থীজনে মনোনয়ন–পত্র দাখিল কৰে৷ আজিৰ দিনটোত গোলাঘাটত বিজেপিৰ অজন্তা নেওগ, কংগ্রেছৰ বিতোপন শইকীয়াৰ উপৰি খুমটাইৰ কংগ্রেছ প্রার্থী বিস্মিতা গগৈ আৰু অসম জাতীয় পৰিষদৰ পৱন শইকীয়ায়ো মনোনয়ন–পত্র দাখিল কৰে৷ মন কৰিবলগীয়া যে মনোনয়ন–পত্র দাখিলৰ আজিৰ দিনটোত গোলাঘাটৰ আকাশত উৰিল দুখনকৈ হেলিকপ্ঢাৰ৷ ইয়াৰে এখন বিজেপিৰ, আনখন কংগ্রেছৰ৷ মনোনয়ন–পত্র দাখিলক কেন্দ্র কৰি গোলাঘাট চহৰত উদুলি–মুদুলি পৰিৱেশ সৃষ্টি হয়৷ প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱা প্রতিজন প্রার্থীয়ে নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে যদিও জনমত কাৰ পক্ষে যায়, সেয়া স্পষ্ট হ’ব নির্বাচনী ফলাফলতহে৷

Source- Niyomiyabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.