লাখটকীয়াত ড্রাগ্ছৰ ঘাটি উৎখাত

1 min read

নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ অভিযান৷ ৰাজ্যখন ড্রাগ্ছমুক্ত কৰিবলৈ আৰক্ষীয়ে বিগত কিছুদিন ধৰি অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্রান্তত থকা শতাধিক ড্রাগ্ছৰ ঘাটি উৎখাত কৰাৰ লগতে ড্রাগ্ছ ব্যৱসায়ৰ লগত জড়িত বহু অভিযুক্তক গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ একেদৰে ড্রাগ্ছ সৰবৰাহৰ ট্রেনজিট পইণ্টত পৰিণত হোৱা গুৱাহাটী মহানগৰীতো আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷

ইতিমধ্যে আৰক্ষী অপৰাধ অনুসন্ধান শাখাৰ সহযোগত মহানগৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্রাগ্ছ জব্দ কৰাৰ লগতে বহু লোকক গ্রেপ্তাৰ কৰিছে৷ মহানগৰীক ড্রাগ্ছমুক্ত কৰাৰ লক্ষ্যৰে আৰক্ষীয়ে প্রচেষ্টা অব্যাহত ৰখাৰ মাজতে ৰে’ল আৰক্ষীয়ে কামৰূপ মহানগৰ জিলা আৰু আৰক্ষী প্রশাসনৰ সহযোগত মহানগৰীৰ লাখটকীয়াৰ ৰে’লআলিৰ দুয়োকাষে থকা জুপুৰিসমূহত উচ্ছেদ অভিযান চলায়৷

ৰে’লআলিৰ দুয়োকাষে গঢ় লৈ উঠা জুপুৰিসমূহৰ পৰাই নিষিদ্ধ ড্রাগ্ছৰ বেহা চলি থকাৰ লগতে ড্রাগ্ছ সৰবৰাহকাৰীৰ ঘাটিত পৰিণত হোৱাৰ অভিযোগত ৰে’ল আৰক্ষীয়ে জুপুৰিসমূহ উচ্ছেদ কৰে৷ উচ্ছেদ অভিযানকালত লাখটকীয়াৰ ১নং ৰে’লগেটৰ পৰা ৬নং ৰে’লগেটলৈ ৰে’লআলিৰ দুয়োকাষে থকা শতাধিক জুপুৰি উচ্ছেদ কৰে৷

উল্লেখ্য যে লাখটকীয়াৰ ৰে’লআলিৰ দুয়োকাষত গঢ়ি উঠা জুপুৰিসমূহৰ পৰাই আন্তঃৰাষ্ট্রীয় পর্যায়ত নিষিদ্ধ ড্রাগ্ছ সৰবৰাহ হোৱাৰ অভিযোগ সময়ে সময়ে উত্থাপিত হৈ আহিছে৷ Souce: Niyomiya Barta

You May Also Like

More From Author