26.4 C
Assam
Monday, June 27, 2022

Featured News

Assam’s Nobojit Narzary is DID Little Masters Season 5 winner

Dance India Dance Li'l Masters Season 5 concluded...

অসমৰ বন্যাৰ্তলৈ ২৫ কোটি টকাৰ বান সাহায্য আম্বানীৰ

অসমৰ বান বিধ্বস্ত লোকসকলৈ দেশৰ বিভিন্ন প্ৰান্তৰ...

হোজাইত পুনৰ এক কোটি টকাৰ ড্ৰাগছ উদ্ধাৰঃ ২০টা চাবোনৰ বাকচত আনিছিল এই সন্দেহজনক হেৰোইন

Assamese Newsহোজাইত পুনৰ এক কোটি টকাৰ ড্ৰাগছ উদ্ধাৰঃ ২০টা চাবোনৰ বাকচত আনিছিল এই সন্দেহজনক হেৰোইন

 

হোজাই আৰক্ষীয়ে পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে ।এই ড্ৰাগছসমূহ জব্দ কৰে হোজাইৰ ডবকাত। আৰক্ষীয়ে AS01 BX 6444 নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ পৰা ২০ টা চাবোনৰ বাকচত এই সন্দেহজনক হেৰোইন খিনি জব্দ কৰে ৷ জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ ২৪৮ গ্ৰাম। পূৰ্বতে জব্দ কৰা ড্ৰাগছসমূহ লৈ জব্দ কৰা ড্ৰাগছৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আনুমানিক এক কোটি টকা হব বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে যোৱা ২৪ মেৰ নিশা এক গোপন সূত্ৰ পম খেদি ডবক আৰক্ষী নিজ ডবকা সেৱাঘাটত অভিযান চলাই জাকিৰ আহমেদ আৰু ফাৰুক উদ্দিন নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত কৰাৰ লগতে পাঁচটা চাবোনৰ কেচত সন্দেহজনক হেৰইন জব্দ কৰিছিল ৷ এই ড্ৰাগছৰ লগতে জব্দ কৰিছিল এখন চাৰিচকীয়া বাহনৰ উপৰি জব্দ কৰিছিল এখন আৰ-১৫ মটৰ চাইকেল। কালি দুই ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰাৰ আৰু অধিক সোধাপোছাৰ দুই দিন নিজৰ জিম্মাত লৈছিল ৷ যোৱানিশা সোধাপোছাৰ অন্তত দুই সৰবৰাহকাৰীয়ে আৰক্ষীয়ে তেওঁলোকৰ পৰা জব্দ কৰা চাৰিচকীয়া বাহনৰ ভিতৰত ২০টা চাবোনৰ বাকচত সন্দেহজনক হেৰইন থকাৰ কথা স্বীকাৰ কৰে ৷সেইমৰ্মে আজি পুৱা ডবকা আৰক্ষীয়ে জব্দ কৰা গাড়ীখনৰ দুৱাৰৰ কাষত বিশেষভাবে নিৰ্মিত গোপন চেম্বাৰৰ পৰা ২০ টা চাবোনৰ বাকচ ভৰ্তি সন্দেহজনক হেৰইন উদ্ধাৰ কৰে ৷ সম্প্ৰতি এই দুয়োকে আৰু অধিক তথ্যৰ বাবে মাৰাথান জেৰা অৱ্যাহত ৰাখিছে ৷

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: