17 C
Assam
Sunday, November 27, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

মালিগাঁৱৰ বৰিপাৰাৰ হাউছিং কমপ্লেক্সত বিদ্যুৎ চুৰি

Assamese Newsমালিগাঁৱৰ বৰিপাৰাৰ হাউছিং কমপ্লেক্সত বিদ্যুৎ চুৰি

 মহানগৰীৰ মালিগাঁৱৰ বৰিপাৰাস্থিত হাউছিং কমপ্লেক্সৰ অট্টালিকাত বিদ্যুৎ চুৰিৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ জালুকবাৰী আৰক্ষীৰ সহযোগত এপিডিচিএলৰ জালুকবাৰী উপ–সংমণ্ডলে কালি চলোৱা অভিযানত এই তথ্য পোহৰলৈ আহে৷

প্রাপ্ত তথ্য অনুসৰি, উক্ত হাউছিং কমপ্লেক্সৰ এ বি আৰু চি ডি ব্লকত তিনিটা পানীৰ পাম্প এল টি লাইনৰ পৰা অকর্তৃত্বশীলভাৱে বিদ্যুৎ সংযোগ দিয়া হৈছে৷ একেদৰে কমপ্লেক্সৰ এফ ব্লকৰ এফ–১ ফ্লেটত এএছ–০১– ৬০৪৫৪ নম্বৰ মিটাৰ বাইপাছ কৰি বিদ্যুৎ চুৰি কৰা ধৰা পেলায়৷

ইপিনে, ফ্লেট নম্বৰ এফ–১০ত ৱাই–০৫–১১৬০৯ নম্বৰ মিটাৰ বাইপাছ কৰি বিদ্যুৎ চুৰি কৰাৰ তথ্য পোহৰলৈ আহে৷ ফ্লেট এফ–১২ত এ এছ–০১–৫৩৬১৯ মিটাৰ বাইপাছ কৰি বিদ্যুৎ চুৰি কৰা বুলি জানিব পৰা গৈছে৷ অভিযানকালত এপিডিচিএলৰ দলটোক কমপ্লেক্সৰ আৱাসীসকলে আক্রমণাত্মক ৰূপ ধাৰণ কৰে যদিও আৰক্ষীৰ তৎপৰতাত ৰক্ষা পৰে৷ উল্লেখ্য যে শক্তিমন্ত্রী বিমল বৰাৰ নির্দেশৰ পাছতেই এপিডিচিএলৰ বিষয়া–কর্মচাৰীসক অধিক তৎপৰতাৰে অভিযান চলাই থকা পৰিলক্ষিত হৈছে৷ আছাম ষ্টেট হাউছিং ব’ডৰ কমিছনাৰৰ নামত থকা কমপ্লেক্সত এই বিদ্যুৎ চুৰিৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই অঞ্চলটোত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এইক্ষেত্রত এপিডিচিএলৰ তৰফৰ পৰা জালুকবাৰী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ হাউছিং ব’ডৰ কমিছনাৰৰ নামত থকা কমপ্লেক্সত বিদ্যুৎ চুৰিকার্য ধৰা পৰাৰ পাছত সচেতন মহলে উদ্বিগ্ণতা প্রকাশ কৰিছে৷

ইপিনে, এপিডিচিএলৰ অভিযানকাৰী দলটোক উক্ত হাউছিং কমপ্লেক্সৰ আৱাসীসকলে ঘেৰাও কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে আৰক্ষীৰ তৎপৰতাত পৰৱর্তী সময়ত পৰিস্থিতি নিয়ন্ত্রণলৈ আহে৷ মন কৰিবলগীয়া এই যে শক্তিমন্ত্রী বিমল বৰাই বিদ্যুৎ চুৰিৰ বিৰুদ্ধে কঠোৰ নির্দেশ দিয়াৰ পাছতেই এপিডিচিএলৰ বিষয়া–কর্মচাৰীসক তৎপৰতাৰে বিদ্যুৎ চুৰিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: