ই এম গৌতম দাসৰ বাহন আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৰাইজৰ সংবাদমেল

ই এম গৌতম দাসৰ বাহন আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৰাইজৰ সংবাদমেল

 বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ বাহনখন দেওবাৰে বাক্সাৰ মথনগুৰীৰ খাতালপাৰাত উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰাৰ লগতে দুজনকৈ বিজেপি নেতাক প্ৰহাৰ কৰা ঘটনা সম্পৰ্কত সোমবাৰে খাতালপাৰা গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰে এখন বিশেষ সংবাদমেল ৷ বেন্নীবাৰীস্থিত বড়োলেণ্ড গেষ্ট হাউচত অনুষ্ঠিত কৰা সংবাদমেলত গাঁওখনৰ চৰকাৰী গাঁওবুঢ়াৰ লগতে দিপুল দাসে সাংবাদিকক সম্বোধন কৰে ৷

সংবাদমেলত দেওবাৰে হৈ যোৱা অনাকাংক্ষিত ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি দুখ প্ৰকাশ কৰে দিপুল দাসৰ লগতে গাঁওবুঢ়া দয়াল দাসে ৷ লগতে বি টি আৰৰ ই এম গৰাকীৰ অভিযোগ নস্যাৎ কৰি দেওবাৰৰ ঘটনাত তেঁওলোক জড়িত নহয় বুলি উল্লেখ কৰি ই এম গৰাকীৰ বাহন ভঙা কাৰ্যতো তেঁওলোক জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে দিপুল দাস আৰু চৰকাৰী গাঁওবুঢ়া দয়াল দাসে ৷

ইয়াৰ পাছতো যদি ই এম গৌতম দাসৰ বাহন ভঙা কাৰ্যত বা অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভাৱন কৰা কাৰ্যত দুয়োজন লোকৰ ওপৰত সন্ধেহ প্ৰকাশ কৰে, তাৰ বাবে সংবাদমেলৰ জৰিয়তেই ক্ষমা প্ৰাৰ্থনা কৰে দুয়ো গৰাকীয়ে ৷

আনহাতে খাতালপাৰাৰ ৰাজহুৱা সভাত ই এম গৌতম দাসৰ বাহন আক্ৰমণৰ দেওবাৰৰ ঘটনা বিজেপিৰ আভ্যন্তৰীণ বিষয় বুলিও উল্লেখ কৰে শিক্ষক দিপুল দাসৰ লগতে গাঁওবুঢ়া দয়াল দাসে ৷ খাতালপাৰা গাঁৱৰ দুই ফৈদৰ মাজত বিজেপিৰ মথনগুৰী ব্লক মণ্ডল কমিটিক লৈ সংঘটিত হোৱা এই ঘটনাৰ উত্তেজনা যাতে সমগ্ৰ বি টি আৰত সিঁচৰিত নহয়, তাৰ বাবেও সংবাদমেলতে আহ্বান জনাই বিজেপি নেতা ধীৰাজ ডেকাই ৷

GTM Desk

Related