ইউকেলিপ্টাছৰ পাত আৰু তেলৰ বিষয়ে জানো আহক!

1 min read

ত্রিবানড্রমৰ মুখ্য কার্যালয়ত পঞ্চকর্ম চিকিৎসা প্রশিক্ষণ শেষ কৰি তাত থকা কন্যাকুমাৰী শাখা আৰু ত্রিৱানড্রমৰ বিভিন্ন শাখা পৰিভ্রমণ কৰি কইম্বাটোৰলৈ গ’লোঁ আৰু এদিন সেই শাখা অতিক্রম কৰি উটিলৈ যাত্রা কৰিলোঁ৷ উটিত মই নিলগিৰি পাহাৰত এজোপা বিশেষ গছৰ প্রতি আকৃষ্ট হৈছিলোঁ আৰু সেইজোপা গছ আছিল ইউকেলিপ্ঢাছ গছ৷ এই ইউকেলিপ্ঢাছ গছজোপাৰ লগত মোৰ শৈশৱৰ কিছুমান স্মৃতি জড়িত হৈ আছিল৷ মই পঢ়া স্কুলখনত এই ইউকেলিপ্ঢাছ গছৰ পাত ছিঙি আনি হাতেৰে মোহাৰি তাৰ সুগন্ধি লৈছিলোঁ৷ গতিকে নিলগিৰি পাহাৰত ইউকেলিপ্ঢাছ গছবোৰ যেতিয়া প্রত্যক্ষ কৰিছিলোঁ, তেতিয়া ইউকেলিপ্ঢাছ গছৰ বিশেষত্বৰ বিষয়ে জানিবলৈ আগ্রহী হৈছিলোঁ যদিও পাঠ্যপুথিৰ এই বিশেষ গছজোপাৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ৷ সেইদিনা উটিটো আকৌ সেই গছৰ পাত ছিঙি আনি মোহাৰি গোন্ধ লওঁতে স্কুলীয়া দিনবোৰলৈ মনত পৰি গৈছিল৷ সৰুতে চর্দি লাগি থাকিলে সেই পাত এটা মোহাৰি সুগন্ধি লৈছিলোঁ আৰু বহুত আৰাম পাইছিলোঁ৷ উটি বজাৰৰ অভিমুখে যেতিয়া আগবাঢ়িলোঁ, তেতিয়া প্রায়বোৰ দোকানত নিলগিৰি তেল বা ইউকেলিপ্ঢাছ তেল আৰু শুকান ইউকেলিপ্ঢাছ পাতৰ পেকেট দেখিবলৈ পাইছিলোঁ৷ মোৰ শাহুমাৰ যিহেতু ছাৰভাইকেল স্পন্দেলাছিছ, অষ্টি’আর্থ্রাইটিছৰ সমস্যাত ভুগি আছিল, গতিকে মই মাৰ কাৰণে ১ লিটাৰ ইউকেলিপ্ঢাছ তেল লৈ গুৱাহাটীলৈ উভতিছিলোঁ৷ শাহুমায়ে সেই তেল ব্যৱহাৰ কৰিলে আৰু ১ লিটাৰ তেল শেষ হোৱালৈকে প্রায় ৭০ শতাংশ বিষৰ পৰা নিৰাময় হৈছিল৷ তাৰ পিছত শাহুমায়ে তেওঁৰ মৃত্যুৰ আগলৈকে এই তেল ব্যৱহাৰ কৰি আহিছিল৷ ইউকেলিপ্ঢাছক ইংৰাজীত ব্লু গাম নামেৰে জনা যায় আৰু দক্ষিণ ভাৰতত ইয়াক নিলগিৰি নামেৰে জনাজাত৷ ইউকেলিপ্ঢাছ গছMyraceae পৰিয়ালত অন্তর্ভুক্ত৷ যদিও ইয়াৰ উৎপত্তিস্থল অষ্ট্রেলিয়া, তথাপি ইয়াৰ উপলব্ধ সমগ্র পৃথিৱীতে৷ বিশেষকৈ দক্ষিণ ভাৰতত নিলগিৰি পাহাৰত ইউকেলিপ্ঢাছ পাতৰ পৰা উৎপাদন কৰা হয়৷ ইউকেলিপ্ঢাছৰ পাতত ফ্লেভনৈডছ আৰু টেনিন উপলব্ধ, গতিকে ঔষধি ৰূপত, এণ্টিচেপ্ঢিক, এণ্টিক্সিডেণ্ট, এণ্টিবেক্টেৰিয়েল, কীটনাশক, সুগন্ধি, বেদনানাশক হিচাপে ইউকেলিপ্ঢাছ তেল আৰু ইউকেলিপ্ঢাছৰ পাত ব্যৱহাৰ হয়৷
ইউকেলিপ্ঢাছ ঔষধি গুণসম্পন্ন যদিও ইয়াক বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰে৷
ইউকেলিপটাছৰ ঔষধি গুণাগুণ
১) ১০টা ইউকেলিপ্ঢাছৰ পাত ভালকৈ ধুই ৪ গিলাচ পানীত উতলিবলৈ দিব, তাৰ পিছত যেতিয়া উতলি ১ গিলাচ হ’ব, তেতিয়া সেইখিনি চেকি তাৰ লগত ২ চামুচ নহৰু ৰস মিলাই কুলকুলি কৰিলে চর্দি, কাহ, চাইনাছাইটিছ, এজমা, ব্রংকাইটিছ, টনচিলাইটিছৰ পৰা উপশম পায়৷
২) ১০টা ইউকেলিপ্ঢাছৰ পাত ২ গিলাচ পানীত এটা কেটলিত উতলিবলৈ দিব, তাৰ পিছত সেইখিনি উতলিলে কেটলিৰ মুখখন আঁতৰাই তাৰ ওপৰত এখন পাতল কাপোৰ মেৰিয়াই দিব৷ কাপোৰখনৰ ওপৰেদি যি ভাপ বাহিৰ হ’ব, সেই ভাপখিনি নাকেদি টানিলে চর্দি, কাহ, চাইনাছাইটিছ, ব্রংকাইটিছ, ফেৰেনজাইটিছ আদিৰ পৰা উপশম পায়৷
৩৷ ইউকেলিপ্ঢাছৰ পাতত ১২৫ মিলিগ্রাম কমলা বাকলিৰ গুড়ি, ১২৫ মিলিগ্রাম নেমু বাকলিৰ গুড়ি বান্ধি চিগাৰৰ দৰে বনাই ল’ব, তাৰ পিছত সেই চিগাৰৰ আগটো জ্বলাই দিব আৰু যি ধোঁৱা ওলাব সেই ধোঁৱাখিনি দুই নাকৰ ফুটাৰে ভিতৰলৈ টানিলে কাহ, চর্দি, বমি, মূৰৰ বিষৰ পৰা উপশম পায়৷
৪) ইউকেলিপ্ঢাছ তেল অলপ তুলাত লৈ দাঁতৰ আলুত ভালকৈ ঘঁহিলে আলু ফুলা, দাঁতৰ বিষ, দাঁত পোকে খোৱাৰ পৰা উপশম পায়৷
৫) ইউকেলিপ্ঢাছ তেল অলপ পানীত দি ঘৰ মুচিলে মহ, পোক–পৰুৱা, মাখি আদি আঁতৰাই ৰাখে৷
৬) ইউকেলিপ্ঢাছ তেল নিতৌ দুবাৰকৈ গাত মিহিকৈ মালিচ কৰি আধা ঘণ্টাৰ পিছত গৰম ভাপ দিলে বা গৰম পানীৰে স্নান কৰিলে বাত বিষ, আমবাত, সন্ধিগত বাত, গা বিষ, স্পন্দেলাছিছৰ পৰা উপশম পায়৷
৭) ইউকেলিপ্ঢাছ পাতৰৰ লেপন বনাই তাত অলপ কর্পূৰ মিলাই নিতৌ স্নান কৰাৰ ১/২ ঘণ্টাৰ আগত গাত আৰু পিঠিত ঘঁহি তাৰ পাছত শীতল পানীৰে স্নান কৰিলে ঘামচিৰ পৰা উপশম পায়৷
৮) কটা, ছিঙা, ঘাহত ইউকেলিপ্ঢাছ কৱাথ ব্যৱহাৰ কৰিলে ঘাহ শুকোৱাত যথেষ্ট সহায় কৰে৷
৯) ইউকেলিপ্ঢাছৰ শুকান পাত অলপ গোটাই তাত জুই লগাই ধোঁৱা দিলে মহ, পোক, মাখি আঁতৰাই ৰাখিব পাৰে৷
১০) ১টা ৪–৫ লিটাৰৰ কেটলিত প্রায় ৩–৪ লিটাৰ পানী ধৰাকৈ ল’ব৷ পানীত সমপৰিমাণৰ পচতিয়াৰ পাত, ইউকেলিপ্ঢাছৰ পাত, ধঁতুৰাৰ পাত, এৰা পাত, হালধিৰ পাত ভালকৈ ধুই দি দিব৷ কেটলিৰ মুখখনত এডাল জোখৰ পাইপ লগাই ল’ব৷ যেতিয়া পানী উতলিব, তেতিয়া ইউকেলিপ্ঢাছৰ তেল আঁঠুত, ডিঙিত আৰু বাকী সন্ধিবোৰত য’ত বিষ আছে তাত লগাই ১০–১৫ মিনিট পীড়িত সন্ধিবোৰত ভাব দিব৷ এনেকৈ নিতৌ এবাৰকৈ কৰিলে আর্থ্রাইটিছ, স্পন্দেলাছিছৰ, অষ্টা’আর্থ্রাইটিছৰ পৰা উপশম পায়৷
এটা খুব গুৰুত্বপূর্ণ মনত ৰখা কথা হ’ল যে ইউকেলিপ্ঢাছৰ পাত আৰু তেল কোনোদিন সেৱন নকৰিব৷

ডাঃ কৰবী হাজৰিকা চৌধুৰী

You May Also Like

More From Author