জ্যোতিকুছিত ভুৱা চিকিৎসক গ্রেপ্তাৰ

0 min read

মহানগৰ আৰক্ষীয়ে কালি মালিগাঁৱৰ পৰা ভুৱা চিকিৎসক অমিত কুমাৰক গ্রেপ্তাৰ কৰাৰ পিছত আজি ফটাশিল আমবাৰী আৰক্ষীয়ে এজন ভুৱা চিকিৎসকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ বিগত ছমাহ ধৰি জ্যোতিকুছিত মালতী সেন মেম’ৰিয়েল হাস্পতালত কর্মৰত এ কে সেনগুপ্তা নামৰ চিকিৎসকজনক আজি ফটাশিল আমবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ধৃত ভুৱা চিকিৎসক এ কে সেনগুপ্তাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে ধৃত ভুৱা চিকিৎসক সেনগুপ্তাক শিৱসাগৰ আৰক্ষীয়েও পূর্বতে গ্রেপ্তাৰ কৰিছিল৷ সম্প্রতি ফটাশিল আমবাৰী আৰক্ষীয়ে ভুৱা চিকিৎসক সেনগুপ্তাক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত চিকিৎসা প্রদান কৰি অহা কেইবাগৰাকীও ভুৱা চিকিৎসক শীঘ্রে মহানগৰ আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

You May Also Like

More From Author