ৰঙাপৰাত ডাইনী সজাই মহিলাক নৃশংস হত্যা

0 min read

শোণিতপুৰৰ ৰঙাপৰা থানাৰ অন্তর্গত গেৰুৱাজুলিৰ লক্ষেশ্বৰী দৈমাৰী (৫৩) নামৰ এগৰাকী মহিলাক ডাইনীৰ সন্দেহত যোৱানিশা মৰিয়াই মৰিয়াই হত্যা কৰে৷ মহিলাগৰাকীৰ বাসগৃহৰ পৰা প্রায় এক কিলোমিটাৰ দূৰৰ এটা অঞ্চলত পুতি থোৱা অৱস্থাত আজি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে৷ আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি, ৰঙাপৰাৰ এটা ভিতৰুৱা অঞ্চল এক নম্বৰ গেৰুৱাজুলিত এজন নাতিৰ স’তে বাস কৰিছিল লক্ষেশ্বৰী দৈমাৰী নামৰ মহিলাগৰাকীয়ে৷ বিধৱা মহিলাগৰাকীৰ চাৰিটা সন্তানৰ ভিতৰত দুজন পুত্র ৰাজ্যৰ বাহিৰত থাকে আৰু দুগৰাকী বিবাহিতা জীয়ৰীও বাহিৰত থাকে বুলি প্রকাশ কৰি আৰক্ষীয়ে জনোৱা অনুসৰি, যোৱানিশা প্রায় ১১ বজাত হাতে হাতে লাঠী লৈ অহা দুর্বৃত্তৰ দলে শুই থকা মহিলাগৰাকীৰ বাসগৃহত বলপূর্বক প্রৱেশ কৰি আক্রমণ কৰি হত্যা কৰে৷ আক্রমণকাৰী দলটোৱে মহিলাগৰাকীৰ প্রায় ১১বছৰীয়া নাতিয়েক মোহিত দৈমাৰীক বান্ধি লৈ আক্রমণ কৰাৰ অপচেষ্টা চলাইছিল যদিও সৌভাগ্যক্রমে কিশোৰজনে পলায়ন কৰিবলৈ সক্ষম হয় আৰু সমগ্র নিশাটো সমীপৰ জোপোহা বননিৰ মাজত আশ্রয় লৈ প্রাণৰক্ষা কৰে৷

ৰঙাপৰা আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি, ইয়াৰ পিছতে তেজেৰে তুমৰলি হোৱা মহিলাগৰাকীক লৈ সেই স্থান ত্যাগ কৰে দুর্বৃত্তৰ দলটোৱে৷ উল্লেখ্য যে আক্রমণকাৰীসকলে মুখত কাপোৰ মেৰিয়াই নিজৰ পৰিচয় যাতে প্রকাশ নাপায় তাৰ ব্যৱস্থা কৰি লৈছিল আৰু দলটোত পাঁচ–ছজন দুর্বৃত্ত আছিল৷ গাঁওখনত জনবসতি সেৰেঙা হোৱাত আজি পুৱা কথমপি প্রাণৰক্ষা পৰা কিশোৰজনৰ পৰা নিশা সংঘটিত লোমহর্ষক ঘটনাৰ বিষয়ে ৰাইজ অৱগত হৈ স্থানীয় দুর্গা বডো নামৰ যুৱ সমাজকর্মীজনৰ জৰিয়তে আৰক্ষীক খবৰ দিয়ে৷ ইপিনে ৰাইজে সন্ধানহীন হৈ থকা মহিলাগৰাকীক বিচৰাত নামি পৰে যদিও সফল নহ’ল৷ ইয়াৰ মাজতে ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হয় আৰু আৰক্ষী বিষয়া হিতেশ শর্মাৰ নেতৃত্বত আৰক্ষী আৰু ৰাইজে মহিলাগৰাকীৰ সন্ধান পুনৰ আৰম্ভ কৰি ঘটনাস্থলীৰ পৰা প্রায় এক কিলোমিটাৰ দূৰত্বৰ এক হাবিতলীয়া স্থানত মহিলাগৰাকীৰ মৃতদেহ পুতি থোৱা অৱস্থাত দিনৰ প্রায় ১২.৪৫বজাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছতে কার্যবাহী দণ্ডাধীশ তথা চাৰিদুৱাৰ ৰাজহ চক্র বিষয়া অদিতি গগৈৰ উপস্থিতিত নিহত মহিলাগৰাকীৰ মৃতদেহ গাঁতৰ পৰা তুলি টুমুকীস্থিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হয়৷ মৰণোত্তৰ পৰীক্ষা কাইলৈহে সম্পন্ন হ’ব৷

আনহাতে যোৱানিশা সংঘটিত এই নৃশংস ঘটনাৰ একমাত্র প্রত্যক্ষদর্শী কিশোৰজন বর্তমান সম্পূর্ণ সুৰক্ষিত অৱস্থাত থকা বুলি প্রকাশ কৰিছে আৰক্ষীয়ে৷ ইপিনে এই হত্যাকাণ্ড পোহৰলৈ অহাৰ পাছতে তীব্র প্রতিক্রিয়া সৃষ্টি হোৱা এক নম্বৰ গেৰুৱাজুলি গাঁওখনৰ একাংশ লোকে এই লোমহর্ষক ঘটনা ডাইনী কাণ্ড বুলি সন্দেহ কৰিছে৷ স্থানীয় লোকে প্রকাশ কৰা অনুসৰি বহু বছৰ পূর্বে গাঁওখনৰ একাংশ লোকে অন্ধবিশ্বাসৰ বশৱর্তী হৈ নিহত হোৱা মহিলাগৰাকীক ডাইনী আখ্যা দিয়াই নহয়, মহিলাগৰাকীৰ বিৰুদ্ধে সেই সময়ত আনকি ৰাজহুৱা সভাও অনুষ্ঠিত কৰিছিল আৰু তাতো তেওঁক ডাইনী আখ্যা দিছিল৷ কিন্তু পৰৱর্তী সময়ত ক্রমান্বয়ে এনেধৰণৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে সচেতনতা গঢ় লয় যদিও মহিলাগৰাকীক যোৱানিশা তেনেদৰে হত্যা কৰাৰ পিছত একাংশ লোকে ডাইনীৰ সন্দেহতে এই জঘন্য কাণ্ড সংঘটিত কৰা বুলি ক্ষোভ প্রকাশ কৰাৰ লগতে গাঁওখনৰ সকলো লোকেই হত্যাকাৰীক কৰায়ত্ত কৰাৰ ক্ষেত্রত আৰক্ষীক সর্বতোপ্রকাৰে সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰিছে৷

উল্লেখ্য যে গাঁওবাসীয়ে হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি প্রদানেৰে ভৱিষ্যতে যাতে এনে বর্বৰ কাণ্ড কোনেও কৰিবলৈ সাহস নকৰে তাৰ বাবেও ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে৷ ইপিনে আৰক্ষীয়ে এই হত্যাকাণ্ডৰ বিভিন্ন দিশ পৰীক্ষা কৰিছে আৰু ডাইনীৰ দৰে কাৰণৰ অচিলাৰে পৃথক উদ্দেশ্যত হত্যাকাণ্ডটো সংঘটিত কৰিছে নেকি সেই দিশতো তদন্ত চলিব বুলি প্রকাশ কৰি লগতে জনাইছে যে পৰিচয় গোপন কৰি তথা আওহতীয়া স্থানলৈ নি মৃতদেহ পুতি থোৱা আদি ঘটনাই এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি নিশ্চিত কৰিছে৷

You May Also Like

More From Author